বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (ইংৰাজী: Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলকাতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক আৰু নাট পৰিচালক আৰু লগতে পংকজ মল্লিক আৰু কাজী নজৰুল ইছলামৰ সমসাময়িক। ১৯৩০ চনৰ পৰা আৰম্ভ হোৱা ভাৰতৰ ৰাষ্ট্ৰীয় ৰেডিঅ' সম্প্ৰচাৰক অল ইণ্ডিয়া ৰেডিঅ'ত কেইবাবছৰ ধৰি কাম কৰিছিল আৰু এই সময়ছোৱাত তেওঁ কেইবাখনো নাটক প্ৰস্তুত আৰু অভিযোজন কৰিছিল।[1]
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ | |
---|---|
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ | |
জন্ম | ০৪ আগষ্ট, ১৯০৫ আহিৰীটোলা, কলিকতা, বেংগল প্ৰেচিডেঞ্চি,ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩ নৱেম্বৰ, ১৯৯১ (৮৬ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | ৰেডিঅ’ সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, নাট্য পৰিচালক |
জনা যায় | মহিষাসুৰমৰ্দ্দিনী (১৯৩১) |
পিতৃ-মাতৃ | কালীকৃষ্ণ ভদ্ৰ সৰলাবালা দেবী |
আজি তেওঁৰ ক্ৰমবৰ্ধমান উদ্দাত্ত কণ্ঠৰ সংস্কৃত আবৃত্তি আৰু ভাৰতৰ আটাইতকৈ পুৰণি ৰেডিঅ' অনুষ্ঠান মহিষাসুৰমৰ্দ্দিনী (১৯৩১)[2] অল ইণ্ডিয়া ৰেডিঅ' কলিকতা (বৰ্তমান কলকাতা)ৰ দ্বাৰা পুৱতিনিশা ৪:০০ বজাত সম্প্ৰচাৰিত শ্লোক আৰু গীতৰ সংকলন,‘মহালয়াৰ’ ভোৰ।[4]তেওঁ বাংলা থিয়েটাৰত কেইবাখনো নাটকৰ অভিনয় আৰু পৰিচালনাৰ লগতে নিশিদ্ধ ফল (১৯৫৫) ছবিখনৰ চিত্ৰনাট্যও লিখিছিল। এখন বাংলা চুটি ছবি ‘বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ-দি ভইছ- ১৯৩৬ চনৰ পৰা’ হালুম ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ দ্বাৰা ২০১৯ চনত মুক্তি লাভ কৰিছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰকতেওঁ ১৯০৫ চনৰ ৪ আগষ্টত ৰায় বাহাদুৰ কালীকৃষ্ণ আৰু সৰলাবালা দেৱীৰ ঔৰষত উত্তৰ কলিকতা (বৰ্তমান কলকাতা)ৰ আহিৰীটোলাৰ এটি ভাড়াঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মূল ঘৰ বাংলাদেশৰ সাতখীৰা জিলাৰ উথলী গাঁৱত। পিছলৈ পৰিয়ালটো ৰামধন মিত্ৰ লেন-৭, ত থকা আইতাক যোগ মায়া দেৱীয়ে কিনা ঘৰটোলৈ গুচি যায়। তেওঁৰ পিতৃ কালি কৃষ্ণ ভদ্ৰ এজন ভাষাবিদ, ১৪টা ভাষাত সাৱলীল, নিম্ন আদালতত দোভাষী হিচাপে কৰ্মৰত আৰু পিছলৈ সেই সময়ৰ বাংলা সাহিত্য মহলত এজন পৰিচিত ব্যক্তি হৈ পৰে। কালি কৃষ্ণ ভদ্ৰই তেতিয়াৰ বিখ্যাত আৰক্ষী আদালতৰ অধিবক্তা কালিচৰণ ঘোষৰ দ্বিতীয় সন্তান সৰলা বালা দেৱীক বিয়া কৰায়, আৰু ১৯২৭ চনত ৰায় বাহাদুৰ উপাধি লাভ কৰে। ৰায় বাহাদুৰ কলি কৃষ্ণৰ দুই পুত্ৰ ভূপেন্দ্ৰ কৃষ্ণ ভদ্ৰ আৰু বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ। ১৯২৬ চনত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু ১৯২৮ চনত কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
সম্পাদনা কৰকতেওঁ কেইবাখনো ধ্ৰুপদী নাটকৰ অভিযোজন আৰু পুনৰ্গঠন কৰি উল্লেখযোগ্য ৰেডিঅ’ নাটক প্ৰস্তুত কৰিছিল। ১৯৩০ চনত অল ইণ্ডিয়া ৰেডিঅ’, কলকাতাই মহিষাসুৰ মাৰ্দিনী নামৰ দুঘণ্টীয়া অনুষ্ঠান এটা সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে য’ত দেৱী দুৰ্গাৰ অসুৰ ৰজা মহিষাসুৰৰ সৈতে হোৱা মহাকাব্যিক যুদ্ধৰ বৰ্ণনা কৰা হৈছিল। এই অনুষ্ঠানৰ চিত্ৰনাট্য ৰচনা কৰিছিল বাণী কুমাৰে আৰু সংগীত পৰিচালনা কৰিছিল পংকজ কুমাৰ মল্লিকে। বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই আবৃত্তি কৰিছিল। ১৯৩১ চনৰ মহালয়াত প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ কৰা হৈছিল। তেতিয়াৰ পৰা অল ইণ্ডিয়া ৰেডিঅ'ই ১৯৭৬ চনৰ বাহিৰে প্ৰতি বছৰৰ মহালয়াত এই অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে।[3] লাইভ-পাৰফৰ্মেন্স হিচাপে আৰম্ভ হোৱা এই অনুষ্ঠানটো ১৯৫২ চনৰ পৰাই ইয়াৰ পূৰ্ব-ৰেকৰ্ডিং ফৰ্মেটত সম্প্ৰচাৰ কৰা হৈছে।[6][7]
ভদ্ৰই ‘মেছ নং ৪৯’কে ধৰি বহুকিছুমান নাটক ৰচনা কৰিছিল, আৰু বিখ্যাত লেখক বিমল মিত্ৰৰ বিখ্যাত উপন্যাসৰ মঞ্চ অভিযোজন ‘চাহিব বিবি গুলাম’ নামৰ নাট্য প্ৰযোজনা ও পৰিচালনা কৰিছিল। ১৯৫২ চনত তেওঁ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাস ‘সুবৰ্ণ গোলকৰ’ নাট্য ৰূপ প্ৰদান কৰে যিখনৰ ১৯৮১ চনত একে নামেৰে চিত্ৰগ্ৰহণ কৰা হয়। দ্বিজেন্দ্ৰলাল সত্যজিতৰ দ্বাৰা ৰচিত ঐতিহাসিক নাটকৰ আধাৰত নিৰ্মিত বিখ্যাত ৰেডিঅ' নাটক ‘শ্বাহজাহানও’ প্ৰযোজনা কৰে। সেই ৰেডিঅ’ নাটকত ছাবী বিশ্বাসে শ্বাহজাহানৰ চৰিত্ৰত অভিনয় কৰিছিল। জনসাধাৰণৰ মাজত ই অতিমাত্ৰা জনপ্ৰিয় হৈ পৰিছিল আৰু আজিও ইয়াক এক ধ্ৰুপদী বাংলা ৰেডিঅ’-নাটক হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও তেওঁ চন্দ্ৰগুপ্ত (দ্বিজেন্দ্ৰলাল সত্যজিতৰ দ্বাৰা ৰচিত) আৰু প্ৰফুল্ল (গিৰীশ চন্দ্ৰ ঘোষৰ দ্বাৰা ৰচিত) আদি বহুতো সুপৰিচিত নাটক ৰেডিঅ' নাটকৰ ৰূপত অভিযোজন কৰে।[8]
উত্তৰাধিকাৰ
সম্পাদনা কৰকএতিয়াও অল ইণ্ডিয়া ৰেডিঅ'ই,দুৰ্গা পূজা উৎসৱৰ আৰম্ভণি হিচাপে তেওঁ পৰিবেশন কৰা ‘মহিষাসুৰমৰ্দিনী’ প্ৰতিটো মহালয়াতে বজাই আহিছে।[4] তেওঁৰ আবৃত্তিৰ সংস্কৰণ ইমানেই জনপ্ৰিয় আছিল যে ১৯৭৬ চনত তেতিয়াৰ বিখ্যাত বাঙালী অভিনেতা উত্তম কুমাৰৰ কণ্ঠক এই অনুষ্ঠানৰ বাবে নিয়োগ কৰা হৈছিল যদিও তেতিয়া দৰ্শকৰ পৰা অনুকূল সঁহাৰি নাপালে আৰু পুনৰ বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ মূল সংস্কৰণলৈ স্থানান্তৰিত কৰা হ’ল।[5]
সুভাশীষ মুখাৰ্জীয়ে ১৯৭৬ চনৰ বিফলতাক নসাৎ কৰি সৌমিক সেনৰ দ্বাৰা লিখিত আৰু পৰিচালিত তেওঁৰ বায়'পিক মহালয়াত[6]অভিনয় কৰিছিল।[12]আৰু জিছু সেনগুপ্তই উত্তম কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[7]
২০০৬ চনৰ মহালয়াৰ দিনা প্ৰয়াত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ কন্যা সুজাতা ভদ্ৰই পিতৃৰ বিখ্যাত কামৰ বাবে ৰয়েল্টি হিচাপে সংগীত কোম্পানী, সৰেগামা ইণ্ডিয়া লিমিটেডৰ পৰা ৫০,৯১৭ টকাৰ চেক লাভ কৰিছিল।
সৃষ্টি কৰ্ম
সম্পাদনা কৰক- হিতোপদেশ, প্ৰকাশক: হান্থাৱাডী প্ৰকাশন, ১৯৪৮।
- বিশ্বৰূপ-দৰ্শন। প্ৰকাশক: কঠাকালী, ১৯৬৩।
- ৰাণা-বেৰানা, প্ৰকাশক: বিহাৰ সাহিত্য ভৱন, ১৯৬৫।
- ব্ৰতকথা সমগ্ৰ, প্ৰকাশক: মণ্ডলা শেষ সংস্যা, ১৯৮৫।
- শ্ৰীমদ্ভাগৱত: সম্পূৰ্ণ দ্বাদশা স্কন্ধ, উপেন্দ্ৰচন্দ্ৰ শাস্ত্ৰীৰ সৈতে। প্ৰকাশক: মণ্ডল এয়াণ্ডা সংস্যা, ১৯৯০।
• গাৰ্ষ্টিন প্লেচ'ৰ চাহেব ভূত।
নাটক
- ব্লেকআউট
- সাত তুলসী ১৯৪০
- মহিষাসুৰ বধ নামৰ বাংলা চিনেমাৰ এখন চিত্ৰনাট্য লিখিছিল
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ [Birendra Krishna Bhadra: A Legend, A Nostalgia (Original in Bangla) ©Ajit Basu, Publisher:Sahayatri, 8, Patuatola Lane, Kolkata 700009.]
- ↑ "History of first broadcast of Mahishasur Mardini". http://www.freewebs.com/airkolkata/Mahishasur.html.
- ↑ "Birendra Krishna Bhadra: Divine voice heralding Mahalaya chant for generations of Bengalis for more than 90 years". https://economictimes.indiatimes.com/magazines/panache/birendra-krishna-bhadra-divine-voice-heralding-mahalaya-chant-for-generations-of-bengalis-for-more-than-90-years/articleshow/94420610.cms.
- ↑ "Mahalaya'is a confluence of historical nostalgia and artistic excellence". United News of India. http://www.uniindia.com/mahalaya-is-a-confluence-of-historical-nostalgia-and-artistic-excellence/entertainment/news/1516978.html.
- ↑ "Voice from the sky". The Telegraph (Calcutta). https://www.telegraphindia.com/west-bengal/voice-from-nbsp-the-sky/cid/1470200.
- ↑ "Mahalaya Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/mahalaya/movie-review/68215274.cms.
- ↑ (bn ভাষাত). Anandabazar Patrika. https://www.anandabazar.com/supplementary/patrika/%E0%A6%AF-%E0%A6%AC-%E0%A6%B0-%E0%A6%A8-%E0%A6%A6-%E0%A6%B0-%E0%A6%B8%E0%A6%B0-%E0%A6%AC%E0%A6%AD-%E0%A6%A4-%E0%A6%B7-1.70296.