বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়

বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Barbari Nehru Higher Secondary school অসমবাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এখন বিদ্যালয়। বিদ্যালয়খন বৰবৰী বজাৰৰ সমীপত বৰমা-পাখামাৰা পথৰ পুৱ দিশত অৱস্থিত। ১৯৭১ চনত বাক্সা জিলাৰ (তেতিয়াৰ কামৰূপ) গ্ৰাম্য শিশুসকলৰ বাবে অসমীয়া আৰু বড়ো দুই মাধ্যমত মাধ্যমিক শিক্ষা প্ৰদানৰ উদ্দেশ্য এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।

বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
Barbari Nehru Higher Secondary school
অৱস্থান
বৰবৰী, বাক্সা জিলা, অসম, ৭৮১৩৪৩
ভাৰত
স্থানাঙ্ক 26°38′58″N 91°24′02″E / 26.649565°N 91.4006483°E / 26.649565; 91.4006483স্থানাংক: 26°38′58″N 91°24′02″E / 26.649565°N 91.4006483°E / 26.649565; 91.4006483
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক, ৰাজহুৱা
প্ৰতিষ্ঠাকাল ১০ ফেব্ৰুৱাৰী ১৯৭১ (1971-02-10)
বিদ্যালয়ৰ বিভাগ বাক্সা জিলা
কৰ্তৃপক্ষ অসম চৰকাৰ
শ্ৰেণী ষষ্ঠৰ পৰা দ্বাদশ
অধ্যক্ষ সুৰেন্দ্ৰ নাথ বসুমতাৰী (ভাৰপ্ৰাপ্ত)
ফেকাল্টী ২৬ জন
Enrollment ৬৪৮ গৰাকী
মাধ্যম বড়ো, অসমীয়া, ইংৰাজী
কেম্পাছৰ আকাৰ ৬ বিঘা, ১৫টা কোঠা

বাক্সা জিলাৰ উত্তৰ দিশত থকা বৰবৰী অঞ্চলত মাধ্যমিক শিক্ষাৰ বাবে এখন শিক্ষানুষ্ঠান অতি প্ৰয়োজন আছিল। সেয়েহে ১৯৭o চনৰ পৰা বৰবৰী অঞ্চলৰ কেইগৰাকীমান ব্যক্তিয়ে এই কথা উপলব্ধি কৰি বিভিন্ন প্ৰকাৰে চেষ্টা চলাই ১৯৭১ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বববৰীত “বৰবৰী নেহৰু হাইস্কুল“ নামেৰে এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। ৰোহিনী কুমাৰ শৰ্মা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল। সভাপতি সুৰেন্দ্ৰ নাথ দাস। ১৯৮৫ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়খন অসম চৰকাৰে প্ৰাদেশিকীকৰণ কৰে। সেইসময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীনেশ শৰ্মা আছিল। আকৌ ২০২১ চনৰ ৭ অক্টোবৰ তাৰিখে অসম চৰকাৰে বৰবৰী নেহেৰু হাইস্কুলখন বৰবৰী নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হয়।

অসমৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰবৰী বজাৰৰ সমীপত বৰমা-পাখামাৰা মূল পথৰ পুৱ দিশত অৱস্থিত। এই অঞ্চলটো ভাৰত-ভূটান সীমান্তৰ কাষত অৱস্থিত।

বিদ্যালয়খনত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ (১০+২) ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আৰু একাদশ, দ্বাদশ শ্ৰেণীৰ কলা শাখাত শিক্ষা প্ৰদান কৰা হয়।

ব্যৱস্থাপনা

সম্পাদনা কৰক

অধ্যক্ষ, শিক্ষক আৰু পৰিচালনা সমিতি বিদ্যালয়খন পৰিচালনা কৰে। বিদ্যালয়খনৰ কিছুমান প্ৰশাসনিক আৰু উন্নয়নমূলক কাম-কাজ তদাৰক কৰা এখন তদাৰক সমিতিও আছে।