ভাৰতীয় স্বাধীনতা আইন ১৯৪৭

ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ (10 & 11 Geo. 6. c. 30) যুক্তৰাজ্যৰ সংসদত গৃহীত হোৱা এখন আইন, যিখন আইনে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তান নামেৰে দুখন নতুন স্বাধীন অধিৰাজ্যত বিভক্ত কৰিছিল। ১৯৪৭ চনৰ ১৮ জুলাইত এই আইনখনে ৰাজকীয় সন্মতি লাভ কৰে আৰু এইদৰেই ১৫ আগষ্টত আধুনিক ভাৰত আৰু পাকিস্তান গঠন হয়।[1][টোকা 1]

ভাৰতীয় স্বাধীনতা আইন ১৯৪৭
দীঘল শিৰোনাম
  • ভাৰতত দুখন স্বতন্ত্ৰ অধিৰাজ্য স্থাপনৰ ব্যৱস্থা কৰিবলৈ, ভাৰত শাসন আইন ১৯৩৫-ৰ কিছুমান বিধানৰ ঠাইত অন্য বিধান প্ৰতিষ্ঠাপন কৰিবলৈ, যি সেই অধিৰাজ্যৰ বাহিৰত প্ৰযোজ্য হ’ব, তথা সেই অধিৰাজ্য স্থাপনৰ পৰিণাম স্বৰূপে বা তাৰ সৈতে সম্বন্ধিত অন্য বিষয়ৰ ব্যৱস্থা কৰিবলৈ এখন আইন।
ভাষ্য 10 & 11 Geo. 6. c. 30
ভৌগোলিক পৰিসীমা
ৰাজকীয় সম্মতি ১৮ জুলাই ১৯৪৭
কাৰ্যকৰী হয় ১৫ আগষ্ট ১৯৪৭
স্থিতি: সংশোধিত

ভাৰতীয় জাতীয় কংগ্ৰেছ,[2] মুছলিম লীগ,[3] আৰু শিখ সম্প্ৰদায়ৰ[4] বিধায়িনী দলৰ প্ৰতিনিধিসকলে তৎকালীন ভাইচৰয় আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনৰ সৈতে বুজাপৰা কৰে, ৩ জনৰ আঁচনি বা মাউণ্টবেটেনৰ আঁচনি বুলি জনা যায়।

প্ৰস্তাৱনা

সম্পাদনা কৰক

এটলিৰ ঘোষণা

সম্পাদনা কৰক

যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ক্লেমেণ্ট এটলিয়ে ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰীত ঘোষণা কৰে যে:

  1. ব্ৰিটিছ চৰকাৰে অতি কমেও ১৯৪৮ চনৰ ৩ জুন তাৰিখৰ ভিতৰত ব্ৰিটিছ ভাৰতক সম্পূৰ্ণ স্বশাসন প্ৰদান কৰিব,
  2. চূড়ান্ত হস্তান্তৰণৰ তাৰিখ নিৰ্ধাৰণ হোৱাৰ পিছত দেশীয় ৰাজ্যসমূহৰ ভৱিষ্যত নিৰ্ণয় কৰা হ'ব।[5]

৩ জুনৰ আঁচনি

সম্পাদনা কৰক

১৯৪৭ চনৰ ৩ জুনৰ আঁচনিক মাউণ্টবেটেন আঁচনি বুলিও কোৱা হয়। ব্ৰিটিছ চৰকাৰে ১৯৪৭ চনৰ ৩ জুনত এখন আঁচনি প্ৰস্তাৱ কৰিছিল, য’ত এই নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল:

  1. ব্ৰিটিছ ভাৰত বিভাজনৰ নীতি ব্ৰিটিছ চৰকাৰে মানি লৈছিল।
  2. উত্তৰসূৰী চৰকাৰসমূহক ডমিনিয়ন বা অধিৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।
  3. দুয়োখন দেশে স্বায়ত্তশাসন আৰু সাৰ্বভৌমত্ব লাভ কৰিব।
  4. নিজৰ সংবিধান নিজে তৈয়াৰ কৰিব পাৰিব।
  5. ভৌগোলিক সংলগ্নতা আৰু জনসাধাৰণৰ ইচ্ছা- এই দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি দেশীয় ৰাজ্যসমূহক ভাৰত বা পাকিস্তানত যোগদান কৰাৰ অধিকাৰ দিয়া হৈছিল (স্বাধীন হৈ থকাৰ কোনো বিকল্প নোহোৱাকৈ)।[6][7]

দেশীয় ৰাজ্য

সম্পাদনা কৰক
 
ভাৰত (ৰঙা) আৰু পাকিস্তান (সেউজীয়া)ৰ মাজত বিভক্ত কৰা ব্ৰিটিছ ভাৰতৰ ভূখণ্ড। বাকী ৰংবিহীন অঞ্চলবোৰ আছিল দেশীয় ৰাজ্য।

১৯৪৭ চনৰ ২৫ জুলাইত মাউণ্টবেটেনে চেম্বাৰ অৱ প্ৰিঞ্চেছৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু দেশীয় ৰাজ্যৰ প্ৰসংগত চৰ্চা কৰে, যাৰ সংখ্যা আছিল ৫৬২ খন। ব্ৰিটেইন আৰু দেশীয় ৰাজ্যসমূহৰ মাজত সন্ধিৰ সম্পৰ্কৰ অন্ত পৰিব আৰু ১৫ আগষ্টত ১৯৪৭ চনত ব্ৰিটিছ মুকুটৰ আধিপত্য শেষ হ’ব। মাউণ্টবেটেনে কোনো দেশীয় ৰাজ্যৰ বাবে কোনো ধৰণৰ ডমিনিয়ন বা অধিৰাজ্য়ৰ মৰ্যাদা নুই কৰিছিল আৰু তেওঁলোকক ভাৰত বা পাকিস্তানত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। ১৫ আগষ্টৰ পিছত ৰাজ্যসমূহ স্বতন্ত্ৰ হৈ থকাটো কাৰিকৰীভাৱে সম্ভৱ আছিল যদিও প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, যোগাযোগ আৰু অন্যান্য বিষয়ৰ বাবে ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতাই এনে স্বাধীনতাক অৰ্থহীন কৰি তুলিছিল।[8]

বাতিলকৰণ

সম্পাদনা কৰক

ভাৰতীয় স্বাধীনতা আইন পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানৰ ৩৯৫ নং অনুচ্ছেদত আৰু ১৯৫৬ চনৰ পাকিস্তানৰ সংবিধানৰ ২২১ নং অনুচ্ছেদত বাতিল কৰা হয়,[9] দুয়োখন সংবিধানৰ উদ্দেশ্য আছিল নতুন ৰাজ্যসমূহৰ বাবে অধিক স্বাধীনতা প্ৰদান কৰা। যদিও ব্ৰিটিছ আইন অনুসৰি নতুন সংবিধানসমূহৰ আইনখন বাতিল কৰাৰ আইনী কৰ্তৃত্ব নাছিল, বাতিলৰ উদ্দেশ্য আছিল ইয়াক কেৱল ঘৰুৱা আইনসমূহৰ ওপৰত ভিত্তি কৰি স্বতন্ত্ৰ আইনী ব্যৱস্থাৰ ৰূপত প্ৰতিষ্ঠা কৰা।[10] যুক্তৰাজ্যত এই আইনখন বাতিল কৰা হোৱা নাই আৰু ই এতিয়াও কাৰ্যকৰী হৈ আছে, যদিও ইয়াৰ কিছুমান ধাৰা বাতিল কৰা হৈছে।

  1. Independence was at midnight on the 14/15 August, Pakistan chose to celebrate independence on the 14th and India on the 15th.

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Hoshiar Singh, Pankaj Singh; Singh Hoshiar (2011). Indian Administration. Pearson Education India. পৃষ্ঠা. 10. ISBN 978-81-317-6119-9. https://books.google.com/books?id=K89d_QopUx8C&pg=PA10। আহৰণ কৰা হৈছে: 2 January 2013. 
  2. represented by Jawaharlal Nehru, Vallabhbhai Patel, and Acharya Kripalani
  3. represented by Muhammad Ali Jinnah, Liaqat Ali Khan, and Sardar Abdul Rab Nishtar.
  4. represented by Sardar Baldev Singh
  5. Ghose, Sankar (1993). Jawaharlal Nehru : a biography (1. publ. সম্পাদনা). প্ৰকাশক New Delhi [u.a.]: Allied Publ.. পৃষ্ঠা. 151. ISBN 9788170233695. https://books.google.com/books?id=MUeyUhVGIDMC&q=attlee%27s+announcement&pg=PA151. 
  6. Zain, Omer Farooq (April 2006). "Siachen Glacier Conflict: Discordant in Pakistan-India Reconciliation". Pakistan Horizon খণ্ড 59 (2): 74–75. http://www.jstor.org/stable/41394127। আহৰণ কৰা হৈছে: 8 March 2021. 
  7. Moeed Pirzada, "Kashmir, Gurdaspur & Mountbatten?", Global Village Space, 21 August 2020.
  8. "The history of partition". https://www.bbc.co.uk/history/british/modern/partition1947_01.shtml। আহৰণ কৰা হৈছে: 9 February 2013. 
  9. "Article 221: The Government of India Act, 1935, and the Indian Independence Act, 1947, together with all enactments amending or supplementing those Acts, are hereby repealed: Provided that the repeal of the provisions of the Government of India Act, 1935, applicable for the purposes of Article 230 shall not take effect until the first day of April, 1957."
  10. Swaminathan, Shivprasad (25 January 2013). "India's benign constitutional revolution". http://www.thehindu.com/opinion/lead/indias-benign-constitutional-revolution/article4345212.ece. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক