মইনা (শিশু আলোচনী)
মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷
ৰঘুনাথ চৌধাৰী সম্পাদিত মইনা
সম্পাদনা কৰককবি ৰঘুনাথ চৌধাৰী সম্পাদিত অসমীয়া ভাষাৰ মাহেকীয়া শিশু আলোচনী মইনা ১৯২৩ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷[1] ১৯২১ চনৰ অসহযোগ আন্দোলনত কাৰাবৰণ কৰি ওলাই আহি চৌধাৰীয়ে ল’ৰা-ছোৱালীৰ চৰিত্ৰ সংশোধন আৰু জ্ঞানৰ উৎকৰ্ষ লাভৰ উদ্দেশ্যে “মইনা’’ প্ৰকাশ কৰিছিল৷ কলকাতাৰ অৰুণোদই প্ৰেছত ছপা কৰা “মইনা’’ৰ প্ৰকাশক আছিল গজেন চন্দ্ৰ পাটোৱাৰী৷ এবছৰ প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ হৈ যায়৷[2]
মইনা পাৰিজাত ৰ মুখপত্ৰ মইনা
সম্পাদনা কৰকঅসমীয়া ভাষাৰ মইনা নামৰ এখন দুমহীয়া শিশু আলোচনী যোৰহাটৰ পৰা ১৯৬১ চনত প্ৰকাশিত হৈছিল৷ এইখন সদৌ অসম মইনা পাৰিজাতৰ মুখপত্ৰ৷ প্ৰকাশক আছিল হেমন্ত বৰদলৈ৷[3]
সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত মইনা
সম্পাদনা কৰকমইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ ১৯৭৯ চনত প্ৰকাশিত হৈছিল৷[1] আলোচনীখন তিনিমহীয়া আছিল৷ সম্পাদক সূৰ্য্য কুমাৰ ভূঞা৷ এইখন আন্তৰ্জাতিক শিশু বৰ্ষত প্ৰকাশিত হৈছিল৷ প্ৰকাশক আছিল, উত্তৰ লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ আলোচনী প্ৰকাশন সমিতিৰ হৈ অধ্যাপক বিশ্ব বৰুৱা৷[4]
আন এক তথ্যমতে মইনা পাৰিজাতৰ সভাপতি মহাদেৱ শৰ্মাৰ দ্বাৰাও মইনা নামৰ এখনি শিশু আলোচনী সংগঠনটোৰ মুখপত্ৰ হিচাপে প্ৰকাশিত হৈছিল৷[5]
জাহিদ চৌধুৰী সম্পাদিত মইনা নামৰ আন এখন শিশু আলোচনীও আছিল৷[1]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "শিশু আলোচনী". https://xahitya.org/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81-%E0%A6%86%E0%A6%B2%E0%A7%8B%E0%A6%9A%E0%A6%A8%E0%A7%80-%E0%A6%8F%E0%A6%9F%E0%A6%BF-%E0%A6%B8%E0%A6%AE/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৯২.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৯৬.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৩০০.
- ↑ বৰ্মন, শিৱনাথ (১৯৯২). মহাদেৱ শৰ্মা. বনলতা. পৃষ্ঠা. ১৮৪. ISBN 978-81-7339-428-7.