মহম্মদ শ্বামি
মহম্মদ শ্বামি আহমেদ (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯০) এজন ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ আৰু তেওঁ ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। তেওঁ এজন সোঁহতীয়া বেগী-মধ্যমবেগী ছুইং আৰু ছীম বলাৰ আৰু তেওঁ একেৰাহে ১৪০ কি.মি. প্ৰতি ঘণ্টা বেগত বলিং কৰিব পাৰে।[1][2][3] এজন 'ৰিভাৰ্ছ ছুইং বিশেষজ্ঞ' হিচাপেও তেওঁ জনাজাত।[4] ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিপক্ষে এদিনীয়াত আত্মপ্ৰকাশ কৰে আৰু সেইখন খেলত তেওঁ অভিলেখসংখ্যক চাৰি অ'ভাৰ মেইডেন কৰে। একে বছৰৰে নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেকত তেওঁ ৫ উইকেট দখল কৰে।
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | মহম্মদ শ্বামি আহমেদ | |||
জন্ম | ৩ ছেপ্টেম্বৰ, ১৯৯০ (৩৪ বছৰ) চাহচপুৰ অমৰোহা, পশ্চিম উত্তৰ প্ৰদেশ, ভাৰত | |||
উচ্চতা | 5 ফুট 10 ইঞ্চি (1.8 মিটাৰ) | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া মধ্যমবেগী | |||
ভূমিকা | বলাৰ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (কেপ ২৭৯) | ৬ নৱেম্বৰ ২০১৩ বনাম ৱেষ্ট ইণ্ডিজ | |||
অ'ডিআই অভিষেক (কেপ ১৯৫) | ৬ জানুৱাৰী ২০১৩ বনাম পাকিস্তান | |||
অ'ডিআই চোলা নং. | ১১ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
২০১০/১১–বৰ্তমান | বংগ | |||
২০১২–২০১৩ | কলকাতা নাইট ৰাইডাৰ্ছ | |||
২০১৪–বৰ্তমান | দেল্হি ডে'ৰডেভিল্ছ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | ODI | FC | List A |
মুঠ খেল | ১২ | ৪৫ | ২৭ | ৬১ |
ৰাণ | ১৬৬ | ১০৮ | ৩৯৬ | ১৯৩ |
বেটিং গড় | ১২.৭৬ | ১০.৮০ | ১২.০০ | ৮.৭৭ |
শতক/অৰ্ধশতক | ০/১ | ০/০ | ০/১ | ০/০ |
সৰ্বোচ্চ ৰাণ | ৫১* | ২৫ | ৫১* | ২৬ |
বল | ২৬৭৯ | ২১৮৩ | ৬,৩৬৮ | ৩০৭৬ |
উইকেট | ৪৭ | ৮৫ | ১১৮ | ১১৫ |
বলিং গড় | ৩৬.১৪ | ২৪.৫৪ | ৩০.৪৯ | ২৪.২৩ |
এক ইনিংছত ৫টা উইকেট | ২ | ০ | ৫ | ০ |
এখন খেলত ১০টা উইকেট | ০ | ০ | ২ | ০ |
শ্ৰেষ্ঠ বলিং | ৫/৪৭ | ৪/৩৫ | ৭/৭৯ | ৪/২৫ |
কেচ্চ/ষ্টাম্পিং | ১/– | ১৪/– | ৭/– | ২৩/– |
উৎস: http://www.espncricinfo.com/ci/content/player/481896.html ESPN Cricinfo, ৬ March ২০১৫ |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকশ্বামিৰ জন্ম হয় উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ চাহচপুৰ গাঁৱত। তেওঁৰ দেউতাক তৌচিফ আলি এজন খেতিয়ক আৰু ডেকা বয়সত তেৱোঁ এজন বেগী বলাৰ আছিল। শ্বামিৰ এগৰাকী ভগ্নী আৰু তিনিজন ককাই-ভাই আছে। গোটেইকেইজন ককাই-ভায়েই বেগী বলাৰ আশা পুহিছিল।[5] ২০০৫ চনত দেউতাকে শ্বামিৰ প্ৰতিভাৰ উমান পাই গাঁৱৰপৰা ২২ কি.মি. নিলগৰ মোৰাদাবাদত থকা এজন প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিৰ ওচৰলৈ লৈ যায়। তাতে প্ৰশিক্ষণ লৈ থকা শ্বামিয়ে উত্তৰ প্ৰদেশ অনূৰ্ধ্ব-১৯ দলত স্থান নোপোৱাত ছিদ্দিকিয়ে তেওঁক কলকাতালৈ পঠায় আৰু তাতে তেওঁ 'ডেলহাউচি এথলেটিক ক্লাব'ত খেলিবলৈ লয় আৰু তাৰপৰাই তেওঁ লাহে লাহে বংগ অনূৰ্ধ্ব-২২ দলত স্থান পায়।[6]
টেষ্টৰ এক ইনিংছত ৫ উইকেট
সম্পাদনা কৰকমহম্মদ শ্বামিৰ টেষ্টত ৫-উইকেট দখলসমূহ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | প্ৰদৰ্শন | খেল | অ'ভাৰ | মেইডেন | বিপক্ষ | H/A | স্থান | চন | ফলাফল | |
১ | ৫-৪৭ | ১ | ১৩.১ | ০ | ৱেষ্ট ইণ্ডিজ | ঘৰুৱা | ইডেন গাৰ্ডেন, কলকাতা, ভাৰত | ২০১৩ | বিজয়ী | |
২ | ৫-১১২ | ১২ | ২৮.৩ | ৩ | অষ্ট্ৰেলিয়া | বিদেশ | ছিডনী ক্ৰিকেট গ্ৰাউণ্ড, ছিডনী, অষ্ট্ৰেলিয়া | ২০১৫ | ড্ৰ |
পুৰস্কাৰ
সম্পাদনা কৰকএদিনীয়া মেন অৱ দ্য মেচ
সম্পাদনা কৰকনং | বিপক্ষ | স্থান | তাৰিখ | প্ৰদৰ্শন | ফলাফল |
---|---|---|---|---|---|
১ | ৱেষ্ট ইণ্ডিজ | ফিৰোজ শ্বাহ কোটলা গ্ৰাউণ্ড, দিল্লী, ভাৰত | ১১ অক্টোবৰ ২০১৪ | ৯.৩ অ'ভাৰ, ৩৬ ৰাণ, ৪ উইকেট | বিজয়ী [7] |
২ | ৱেষ্ট ইণ্ডিজ | WACA গ্ৰাউণ্ড, পাৰ্থ, অষ্ট্ৰেলিয়া | ৬ মাৰ্চ ২০১৫ | ৮ অ'ভাৰ, ৩৫ ৰাণ, ৩ উইকেট | বিজয়ী[8] |
আৰু চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ His 'Deceptive' pace earns praise
- ↑ [1]
- ↑ [2]
- ↑ "The rise and rise of Mohammed Shami, in his own words". NDTV. Archived from the original on 15 February 2015. https://web.archive.org/web/20150215150023/http://sports.ndtv.com/south-africa-vs-india-2013-14/features/217716-the-rise-and-rise-of-mohammed-shami-in-his-own-words। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ Laha, Somshuvra. "Farmer's son Mohammad Shami swings it for team India". Hindustan Times. Archived from the original on 17 February 2015. https://web.archive.org/web/20150217120206/http://www.hindustantimes.com/cricket/farmer-s-son-mohammad-shami-swings-it-for-team-india/article1-1139806.aspx। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ "Shami's rise from small-time club to country". ESPNcricinfo. http://www.espncricinfo.com/magazine/content/story/687215.html। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ "India v West Indies at Delhi, Oct 11, 2014". http://www.espncricinfo.com/ci/engine/match/770123.html.
- ↑ "India vs West Indies,CWC, 2015". India Today. March 6, 2015. http://indiatoday.intoday.in/story/world-cup-2015-india-vs-west-indies-live-score-pool-b-match-28-waca-perth/1/422540.html। আহৰণ কৰা হৈছে: March 6, 2015.