মাৰ্টিন ৱিক্ৰমাসিংহে
মাৰ্টিন ৱিক্ৰমাসিংহে (ইংৰাজী: Martin Wickramasinghe)আছিল শ্ৰীলংকাৰ এজন লেখক তথা সাংবাদিক। তেওঁৰ সম্পূৰ্ণ নাম আছিল লামা হেৱেজ ডন মাৰ্টিন ৱিক্ৰমাসিংহে। তেওঁৰ কিতাপসমূহ বিভিন্ন ভাষালৈ অনুবাদ হৈছে।[1]মাৰ্টিন ৱিক্ৰমাসিংহেক প্ৰায়ে আধুনিক সিংহল সাহিত্যৰ জনক হিচাপে বিবেচিত কৰা হয়।[2][3][4]ৱিক্ৰমাসিংহে মুঠ ৮৫খন কিতাপ লিখিছিল তথা প্ৰকাশ কৰিছিল। ২০ বছৰ বয়সত লিখা আৰু এবছৰ পিছত প্ৰকাশিত তেওঁৰ প্ৰথম কিতাপখন ইংৰাজী যুক্তিবাদ আৰু ঊনবিংশ শতিকাৰ সাংস্কৃতিক নৃতত্ত্বৰ ওপৰত লিখিছিল। বিৱৰ্তনৰ তত্ত্বৰ ওপৰতো বিস্তৃতভাৱে এখন কিতাপ লিখিছিল।
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকলামা হেৱেজ ডন মাৰ্টিন ৱিক্ৰমাসিংহেৰ জন্ম হৈছিল ১৮৯০ চনৰ মে' মাহৰ ২৯ তাৰিখে গালে জিলাৰ কোগগালা চহৰত।[5] পিতৃৰ নাম আছিল লামাহেৱেজ ডন বাস্তিয়ান ৱিক্ৰমাসিংহে আৰু মাতৃৰ নাম আছিল মাগালে বালাপিটিয়া লিয়ানাগে থোচচোহামি। পিতৃ-মাতৃৰ তেওঁ একমাত্ৰ পুত্ৰ সন্তান আছিল। পাঁচ বছৰ বয়সত বিক্ৰমাসিংহেক এণ্ডিৰিছ গুৰুন্নানছে নামৰ এজন সন্ন্যাসীয়ে ঘৰতে আৰু গাঁৱৰ মন্দিৰত সিংহলী বৰ্ণমালা শিকাইছিল। তেওঁ দেৱনাগৰী লিপিও শিকিছিল আৰু হিতোপদেশৰ দীঘলীয়া অংশ স্মৃতিৰ দ্বাৰা আবৃত্তি কৰিব পাৰিছিল। দুবছৰৰ পিছত তেওঁক এখন স্থানীয় বুনা ভিষ্টা নামৰ গালেৰ এখন ইংৰাজী বিদ্যালয়লৈ পঠোৱা হৈছিল। ইয়াত তেওঁ ১৮৯৭ চনলৈকে ভালদৰে শিক্ষালাভ কৰিছিল। বিদ্যালয়ত কটোৱা দুবছৰত ৱিক্ৰমাসিংহে ইংৰাজীৰ লগতে লেটিন ভাষাতো সাবলীল হৈ উঠিছিল। ১৯০১ চনত যেতিয়া তেওঁৰ দেউতাকৰ মৃত্যু হয়, তেতিয়া তেওঁ আহাঙ্গামাৰ এখন স্থানীয় বিদ্যালয়লৈ উভতি আহে আৰু পৰৱৰ্তী সময়ত স্কুলীয়া শিক্ষাৰ প্ৰতি আগ্ৰহ কমি আহে।[6][7][8] স্কুলীয়া শিক্ষা আধাতে এৰি ১৬ বছৰ বয়সত ১৯০৬ চনত ৱিক্ৰমাসিংহে কেৰোলিছ চিলভাৰ মালিকানাধীন কলম্বোৰ এখন দোকানত হিচাপ-ৰক্ষক হিচাপে কাম পাইছিল। তাৰ পিছৰ বছৰ তেওঁজন চিলভাৰ দ্বাৰা পৰিচালিত এটা কমিছন এজেঞ্চীত যোগদান কৰিবলৈ দোকান এৰিছিল। ১৯১০ চনত তেওঁৰ মাতৃৰ মৃত্যু হয়। ১৯১৫ চনৰ সিংহলী-মুছলমান ৰায়তৰ পিছতজন চিলভাৰ সংস্থাটো বন্ধ কৰি দিয়া হয় আৰু তেওঁ কোগগালালৈ উভতি আহে। তাৰ পিছত তেওঁ বাটিকেলোয়াত থকা কৰ্ণেলিছ চিলভাৰ দোকানত এজন হিচাপ-ৰক্ষক হিচাপে যোগদান কৰে।
সাংবাদিকতা জীৱন
সম্পাদনা কৰক১৯১৬ চনত মাৰ্টিন ৱিক্ৰমাসিংহে হেথু বাদি (যুক্তিবাদী) নামেৰে সিংহলী দৈনিক বাতৰি কাকত 'দিনামিনা'ত লিখিবলৈ আৰম্ভ কৰে আৰু তাত তেওঁ 'উদ্ভিদ আৰু প্ৰাণী' নামৰ এটা বিতৰ্কিত শৃংখলা লিখিবলৈ লৈছিল। তাৰ পিছত তেওঁ প্ৰেছ বেৰন ডি আৰ ৱিজেৱাৰ্দেনাৰ এছ'চিয়েটেড নিউজ পেপাৰচ অফ চিলন লিমিটেড (এএনচিএল)ৰ মালিকানাধীন 'দিনামিনা'ৰ সম্পাদকীয় কৰ্মচাৰী হিচাপে যোগদান কৰে। ১৯২৭ চনত তেওঁ 'দিনামিনা' এৰি 'লাকমিনা'ত যোগদান কৰে। ১৯৩১ চনত তেওঁ এএনচিএললৈ উভতি আহে আৰু সিংহলী সাপ্তাহিক কাকত 'চিলুমিনা'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৩২ চনত তেওঁ 'দিনামিনা'ৰ সম্পাদক হিচাপে নিযুক্ত হয় আৰু ১৯৪৬ চনত পদত্যাগ কৰালৈকে তেওঁ এই কাকতখনতেই সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। [9]
সাহিত্যিক জীৱন
সম্পাদনা কৰকতেওঁৰ সাহিত্যিক জীৱনৰ আৰম্ভ হৈছিল 'লীলা'(১৯১৪) উপন্যাস আৰু সাহিত্য সমালোচনাৰ ওপৰত প্ৰবন্ধৰ সংকলন 'শাস্ত্ৰীয় লেখানা'(১৯১৯)ৰ দ্বাৰা হৈছিল। পিছত তেওঁ সিংহলী সকলৰ সাহিত্যিক মানদণ্ড উন্নত কৰাৰ বাবে 'সাহিত্যদয় কথা' (১৯৩২), 'বিচাৰা লিপি' (১৯৪১), 'গুট্টিলা গীতায়া' আদি ৰচনা কৰে। 'সিংহলী সাহিত্য নাগীমা' (১৯৪৬) কিতাপখনত তেওঁ সাহিত্য সমালোচনাৰ ভাৰতীয় আৰু পশ্চিমীয়া পৰম্পৰাত সৰ্বশ্ৰেষ্ঠ সংশ্লেষণ কৰি গঠন কৰা গুৰুত্বপূৰ্ণ চৰ্তৰ নিৰ্ধাৰিত নিয়ম অনুসৰি পৰম্পৰাগত আক্ষৰিক ঐতিহ্যৰ মূল্যাঙ্কন কৰিছিল।[10][11][12][13][14] ১৯৪০ ৰ দশকৰ মাজভাগত ৱিক্ৰমাসিংহে সাহিত্য সমালোচক আৰু সৃজনশীল লেখক এই দুয়োটা কামতেই ব্যস্ত আছিল। তেওঁৰ 'গাম্পেৰালিয়া'খনেই (১৯৪৪) প্ৰথম সিংহলী ভাষাৰ উপন্যাস। উপন্যাসখনৰ লিখাৰ সমল আৰু কৌশলত গুৰুত্বপূৰ্ণ কিছুমান বৈশিষ্ট্যৰ বাবেই আধুনিক বিশ্ব সাহিত্যৰ মহান উপন্যাসৰ সৈতে এই উপন্যাসখন তুলনা কৰা হয়। উপন্যাসখনত আধুনিকীকৰণৰ হেঁচাত পৰম্পৰাগত গাঁৱৰ জীৱনধাৰা ভাঙি পৰাৰ চিত্ৰ দাঙি ধৰা হৈছে। দক্ষিণৰ এখন গাঁৱত এটা সফল পৰিয়ালৰ কাহিনী বাণিজ্যিক চহৰৰ প্ৰভাৱৰ দ্বাৰা গাওঁখনৰ পৰম্পৰাগত অৰ্থনৈতিক আৰু সামাজিক গাঁথনি ক্ৰমান্বয়ে সলনি কৰাৰ চিত্ৰায়ন কৰা হৈছে।[15][16]ৱিক্ৰামাসিংহেৰ ত্ৰিলজীৰ কাহিনীক লৈ শ্ৰীলংকাৰ প্ৰখ্যাত পৰিচালক লেষ্টাৰ জেমছ পেৰিছে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। [17][18] পঞ্চাশৰ দশকৰ আৰম্ভণিতে এক সাহিত্য সমালোচনা আন্দোলনৰ বিকাশৰ লগে লগে ৱিক্ৰমাসিংহে 'সাহিত্য কলাভা' ('সাহিত্যৰ কলা' ১৯৫০) আৰু 'কাব্য বিচৰায়া' ('কবিতাৰ সমালোচনা' ১৯৫৪) ৰচনাসমূহ প্ৰকাশিত হয়। ১৯৫৩ চনত বিক্ৰমাসিংহেক ৰেডিঅ' সম্প্ৰচাৰ আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৫৪ চনত ৰাষ্ট্ৰীয় ভাষা আয়োগত নিযুক্তি দিয়া হয় যদিও ইয়াৰপৰা তেওঁ তিনি মাহৰ পিছত পদত্যাগ কৰে। ১৯৫৪ চনত চিলনৰ ৰাজকীয় ভ্ৰমণৰ সময়ত মহাৰাণী দ্বিতীয় এলিজাবেথৰ দ্বাৰা ব্যক্তিগতভাৱে প্ৰদান কৰা আৱণ্টনৰ সৈতে তেওঁক ১৯৫৩ চনৰ কৰোনেচন সন্মানৰ অৰ্ডাৰ অফ দ্য ব্ৰিটিছ এম্পায়াৰ (এমবিই)ৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল। বিক্ৰমসিংহে নিচান্দা নামৰ কবিতাৰ ধাৰাৰ এজন প্ৰাৰম্ভিক অনুশীলনকাৰী আছিল। এই ধাৰাই পৰম্পৰাগত শৈলীৰ আৰ্হিৰ দ্বাৰা কবিতাৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতাক উপেক্ষা কৰিছিল। তেওঁ ইলিয়ট, এজৰা পাউণ্ড, হুইটমেন আৰু অন্যান্য পশ্চিমীয়া কবিসকলৰ কামৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল আৰু পেৰাডেনিয়া স্কুল নামৰ এক আন্দোলনত উল্লেখযোগ্য ভূমিকা লৈছিল। ৱিক্ৰমাসিংহেৰ এক উল্লেখযোগ্য সৃষ্টি হ'ল 'তেৰি গি '(১৯৫২)।
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯২৫ চনৰ ৩০ নৱেম্বৰত ৱিক্ৰমাসিংহে কাটালুৱে বালাগে প্ৰেমা ডি চিলভাক বিয়া কৰায়। তেওঁলোকে মাউণ্ট-লাভিনিয়াত থাকিবলৈ লয় আৰু তাতেই তেওঁলোকৰ প্ৰথম সন্তান চুচেন্থা মানুৱাৰ্ণাৰ জন্মৰ তিনি মাহ পিছত মৃত্যু হয়। তেওঁৰ আৰু ছয়টা সন্তানৰ ভিতৰত তিনিজন পুত্ৰ আৰু তিনিজনী কন্যা সন্তান আছিল। জ্যেষ্ঠ জীৱিত পুত্ৰ শৰৎ কুসুম ৱিক্ৰমাসিংহে ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত শ্ৰীলংকাৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৯ চনত ৱিক্ৰমাসিংহে মাউণ্ট-লাভিনিয়াৰ সমুদ্ৰসন্না ৰোডত এটা নিজৰ ঘৰ নিৰ্মাণ কৰিছিল। ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰএএফ কোগগালা প্ৰতিষ্ঠা হোৱাৰ সময়ত কোগগালাত থকা তেওঁৰ ঘৰটো ব্ৰিটিছ সামৰিক বাহিনীয়ে অধিগ্ৰহণ কৰে। ১৯৫০ চনত তেওঁ মাউণ্ট-লাভিনিয়াত থকা ঘৰটো বিক্ৰী কৰে আৰু তেওঁৰ সন্তানক বিশ্ববিদ্যালয়ত পঢ়িবলৈ অনুমতি দিবলৈ থিম্বিৰিগাচিয়ায়ালৈ যায়। ১৯৫৬ চনত তেওঁ বান্দাৰাৱেলালৈ যায় আৰু তাতেই তেওঁ থাকিবলৈ লয়।
পিছৰ জীৱন
সম্পাদনা কৰক১৯৬৮ চনত ৱিক্ৰমাসিংহে কিউবা চৰকাৰৰ আমন্ত্ৰণত কিউবা ভ্ৰমণ কৰিছিল। ১৯৭৩ চনত ৱিক্ৰমাসিংহে 'বাভা তৰানায়া' শীৰ্ষক বুদ্ধৰ এখন নতুন জীৱনী লিখিছিল। ইয়াত মহান শিক্ষকৰ ৰাজকীয় উত্তৰাধিকাৰীৰ পৰা দাৰ্শনিক জীৱনলৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া লগতে দৰিদ্ৰ আৰু দলিত সকলৰ প্ৰতি তেওঁৰ সহানুভূতি ফুটাই তোলা হৈছে। সেই বছৰেই তেওঁক এডিৰিৱিৰা চাৰাচচন্দ্ৰৰ দ্বাৰা সাহিত্যৰ নবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।[19] ১৯৭৬ চনৰ ২৩ জুলাইত ৱিক্ৰমাসিংহেৰ মৃত্যু হয় আৰু তেওঁৰ ঘৰটো এতিয়া এটা লোক সংগ্ৰহালয়ত পৰিণত কৰা হৈছে।[20]
সন্মান আৰু বঁটা
সম্পাদনা কৰক- অৰ্ডাৰ অফ দ্য ব্ৰিটিছ এম্পায়াৰৰ সদস্য (এমবিই) - ১৯৫৩
ৰেডিঅ' সম্প্ৰচাৰ আয়োগৰ সদস্য নিযুক্ত – ১৯৫৩
- 'ব্ৰাহ্মণ শ্ৰেণীৰ পতন' – ১৯৫৬ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত প্ৰবন্ধৰ বাবে বঁটা
- 'বিৰাগয়া' উপন্যাসখনে বছৰটোৰ শ্ৰেষ্ঠ উপন্যাসৰ বাবে ডন পেড্ৰিক বঁটা লাভ কৰে
- বিদ্যোদয় বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় পিএইচডি প্ৰদান – ১৯৬০
- চিলন বিশ্ববিদ্যালয়ৰ দ্বাৰা ডিলিট প্ৰদান কৰা – ১৯৬৩
- তেওঁৰ "ছোভিয়েট ভূমিৰ উত্থান" নামৰ কিতাপখনৰ বাবে ইউনেস্কো বঁটা – ১৯৬৪
- বিদ্যালঙ্কাৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা ১৯৬৪ চনত− তেওঁক ডিলিট উপাধি প্ৰদান কৰা হৈছিল।
- কলম্বোৰ চিলন বিশ্ববিদ্যালয়ৰ দ্বাৰা ডিলিট প্ৰদান কৰা – ১৯৭০
- সাহিত্যৰ বাবে প্ৰথম ৰাষ্ট্ৰপতি বঁটা লাভ কৰে – ১৯৭৪
অন্যান্য ভাষালৈ অনুবাদ হোৱা তেওঁৰ কিতাপসমূহ
সম্পাদনা কৰক- বুলগেৰীয় ভাষাত
মাডোল ডুভা (১৯৬১)
- চীনা ভাষাত
চুটি গল্পৰ সংকলন (১৯৬১) মাডোল ডুভা (১৯৬১)
- ডাচ্চ ভাষাত
মাডোল ডুভা (১৯৭৯)
- ইংৰাজী ভাষাত
সিংহল সাহিত্যৰ চিহ্ন (১৯৪৮) লে বেৰ দা ৰুটছ (এপ গামা) (১৯৫৮) মাডোল ডুভা (১৯৬৮) দ্য ৱে অৱ দ্য লোটাছ (বিৰাগয়া) (১৯৮৫)
- ফৰাচী ভাষাত
বিৰাগয়া (১৯৯৫)
- জাপানী ভাষাত
মাডোল ডুভা (২০০২)
- ৰোমানীয়া ভাষাত
মাডোল ডুভা (১৯৬২)
- ৰুছ ভাষাত
মাডোল ডুভা (১৯৫৪) চুটি গল্পৰ সংকলন ১ (১৯৫৮) চুটি গল্পৰ সংকলন ২ (১৯৭০) ত্ৰিলজী: গাম্পেৰালিয়া, কালিয়ুগয়া, যুগন্থায়া (১৯৭৫)
- তামিল ভাষাত
গাম্পেৰালিয়া (১৯৬৪) বিৰাগয়া (১৯৯২) মাডোল ডুভা (১৯৯৩)
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ "Martin Wickramasinghe: About Author". www.martinwickramasinghe.info. http://www.martinwickramasinghe.info/english/author/। আহৰণ কৰা হৈছে: 2017-05-01.
- ↑ Martin Wickramasinghe: Literary colossus of the last Century by W. A. Abeysinghe (Island) Accessed 2016-09-27
- ↑ Biographical sketch of Martin Wickramasinghe by Ranga Wickramasinghe (Daily News) Accessed 2016-09-27
- ↑ He wrote for children too by Sumana Saparamadu (Sunday Observer) Accessed he dies in 1976-09-27
- ↑ "Martin Wickramasinghe describes father Peace Officer Bastian Wickramasinghe 's skill in investigating crime in this last section of the sixth chapter of Upan Da Sita". http://www.island.lk/2002/08/18/featur01.html.
- ↑ https://archives.dailynews.lk/2010/05/26/art01.asp
- ↑ https://archives.sundayobserver.lk/2010/06/20/mon01.asp
- ↑ https://archives.sundayobserver.lk/2009/06/14/jun06.asp
- ↑ "Biography". martinwickramasinghe.info. http://www.martinwickramasinghe.info/english/author/index.htm। আহৰণ কৰা হৈছে: 8 August 2022.
- ↑ Martin Wickramasinghe: An icon of world intellectual heritage by W. A. Abeysinghe (Daily News) Accessed 2016-09-27
- ↑ "Martin Wickramasinghe, Sri Lanka's Renowned Writer Biography and Bibliography". www.martinwickramasinghe.org. http://www.martinwickramasinghe.org/। আহৰণ কৰা হৈছে: 2017-05-01.
- ↑ LTD, Lankacom PVT. "The Island". www.island.lk. http://www.island.lk/index.php?page_cat=article-details&page=article-details&code_title=2650। আহৰণ কৰা হৈছে: 2017-05-01.
- ↑ https://www.island.lk/index.php?page_cat=article-details&page=article-details&code_title=2650
- ↑ https://archives.dailynews.lk/2010/05/26/art01.asp
- ↑ "Martin Wickramasinghe, Sri Lanka's Renowned Writer Biography and Bibliography". www.martinwickramasinghe.org. http://www.martinwickramasinghe.org/। আহৰণ কৰা হৈছে: 2017-05-01.
- ↑ LTD, Lankacom PVT. "The Island". www.island.lk. http://www.island.lk/index.php?page_cat=article-details&page=article-details&code_title=2650। আহৰণ কৰা হৈছে: 2017-05-01.
- ↑ https://archives.dailynews.lk/2010/07/23/fea01.asp
- ↑ https://archives.sundayobserver.lk/2010/06/20/mon01.asp
- ↑ "Nomination Archive - Malalagama Martin Wickremasinghe". NobelPrize.org. March 2024. https://www.nobelprize.org/nomination/archive/show_people.php?id=16852। আহৰণ কৰা হৈছে: 14 March 2024.
- ↑ https://archives.sundayobserver.lk/2009/06/14/jun06.asp