মৰাণ স্বায়ত্বশাসিত পৰিষদ

মৰাণ স্বায়ত্বশাসিত পৰিষদ (ইংৰাজী: Moran Autonomous Council) মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ বাবে ২০২০ চনত গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ বা স্বায়ত্বশাসিত পৰিষদ।[1]

মৰাণ স্বায়ত্ত্বশাসিত পৰিষদ
স্বায়ত্ত্বশাসিত অঞ্চল
দেশ  ভাৰত
ৰাজ্য অসম
পৰিষদ গঠন ২০২০
চৰকাৰ
 • ধৰণ স্বায়ত্ত্বশাসিত পৰিষদ
 • পৰিচালনা মৰাণ স্বায়ত্ত্বশাসিত পৰিষদ

মৰাণসকল সাধাৰণতে তিনিচুকীয়া জিলাত বসবাস কৰা অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী।[2] মৰাণ স্বায়ত্বশাসিত পৰিষদ বিল ২০২০খন ২৪ মাৰ্চ ২০২০ত অসম বিধানসভাত দাখিল কৰা হয় আৰু ই বিৰোধী দলসমূহৰ কোনো আপত্তি নোহোৱাকৈ ছেপ্তেম্বৰ ২০২০ত গৃহীত হয়।[1]

মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুঠ সদস্য ২৫জন। ইয়াৰে ২২জন সদস্য পোনপতীয়াকৈ নিৰ্বাচিত হয় আৰু ৩জন সদস্য ৰাজ্যপালে মনোনীত কৰে।[3]

২০২১ৰ জানুৱাৰীত চৰকাৰে ঘোষণা কৰে যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নোহোৱা বাবে এখন অন্তৰ্ৱতীকালীন পৰিষদ গঠন কৰা হ’ব।[4]