যদুমণিদেৱ (ইংৰাজী:JODUMONIDEB) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল। তেওঁ এগৰাকী ডফলা সম্প্ৰদায়ৰ আৰু এজন যৱন লোকক শৰণ দিয়ে। তেওঁৰ দ্বাৰা ৰচিত গীত আৰু ঘোষাসমূহ বৰগীতৰ দৰে মাধুৰ্যপূৰ্ণ।[1]

যদুমণিদেৱ
জন্ম ১৪৮৬শক
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

যদুমণি আতাৰ জন্ম হয় ১৪৮৬ চনত গোভীৰ গ্ৰামত।[2]

যদুমণিদেৱ বৈষ্ণৱ সঙ্গত ঘূৰি ফুৰে আৰু খৰঙা দেশলৈ গৈ নানা বাদ্য-যন্ত্ৰৰ শিক্ষা লয়।

সাহিত্যৰাজি

সম্পাদনা কৰক
  • ফাল্গু-যাত্ৰা

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. অসমীয়া সাহিত্যৰ ৰূপৰেখা, সম্পা:মহেশ্বৰ নেওগ,পৃষ্ঠা নং ১৬০
  2. অসমীয়া সাহিত্যৰ ৰূপৰেখা, সম্পা:মহেশ্বৰ নেওগ,পৃষ্ঠা নং ১৬০