লক্ষ্মীনাথ তামুলী
লক্ষ্মীনাথ তামুলী এগৰাকী বুৰঞ্জী চৰ্চাকাৰী, সংকলক-সম্পাদক, অধ্যাপক আৰু প্ৰশাসনিক বিষয়া।
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকজন্ম ১৯৪৯ চনত, গজপুৰীয়া গাঁও, যোৰহাটত। নাওবৈছা প্রাইমেৰী স্কুলত শিক্ষাৰম্ভ। ষষ্ঠমান শ্রেণীলৈকে কল্যাণী হাইস্কুলত শিক্ষা আৰু যোৰহাট চৰকাৰী বহুমুখী বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ। ১৯৭২ চনত জগন্নাথ বৰুৱা কলেজৰপৰা ইতিহাসত অনার্চ লৈ স্নাতক ডিগ্রী লাভ। ১৯৭৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্রী লাভ। ১৯৭৫ চনত জগন্নাথ বৰুৱা কলেজত ইতিহাসৰ অধ্যাপনা আৰম্ভ। ১৯৭৭ চনত অসম প্রশাসনীয় সেৱাৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে যোগদান। ৰাজৰোষত পৰি ১৯৮৩ চনৰ ৩১ জানুৱাৰীৰপৰা চাকৰিৰপৰা বৰ্খাস্ত হয়।
বুৰঞ্জী চৰ্চা
সম্পাদনা কৰকপ্রথম ইতিহাসমূলক প্রবন্ধ জয়মতী কুঁৱৰীঃ ইতিহাস নে কিংবদন্তি ১৯৮৪ চনৰ ছেপ্টেম্বৰ-নৱেম্বৰ সংখ্যাৰ ‘প্ৰকাশ’ত প্রকাশ হয়। তাৰ পিছতে বিভিন্ন ঐতিহাসিক বিষয়ত এলানি প্রবন্ধ প্রকাশিত হয়। ‘আৱেগ বনাম’ ইতিহাস তেওঁৰ এক বিশ্লেষণাত্মক গ্রন্থ।
অন্যান্য গ্রন্থসমূহ
সম্পাদনা কৰক১. ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান
২. বুৰঞ্জী আৰু বিতর্ক
৩. বাস্তৱৰ বিড়ম্বনা