শচীন চাৰ্জেৰাও খিলাৰী

ভাৰতীয় পেৰা-এথলীট আৰু পেৰালিম্পিক পদক বিজয়ী

শচীন চাৰ্জেৰাও খিলাৰী (ইংৰাজী: Sachin Sarjerao Khilari, জন্ম: ২৩ অক্টোবৰ ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট।[1][2] তেওঁ শ্বট পুট খেলৰ এফ৪৬ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ শ্বট পুত প্ৰতিযোগিতাৰ এফ৪৬ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।[3]

শচীন চাৰ্জেৰাও খিলাৰী
ব্যক্তিগত তথ্যাৱলী
জন্ম ২৩ অক্টোবৰ, ১৯৮৯ (৩৪ বছৰ)
কাৰ্গনি, আটপড়ী তালুকা, চাংলি জিলা, মহাৰাষ্ট্ৰ
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া পেৰা-এথলেটিক্স

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৮৯ চনৰ ২৩ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ আটপড়ী তালুকাৰ কাৰ্গনিৰ খেতিয়ক পৰিয়ালত শচীন চাৰ্জেৰাও খিলাৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চাৰ্জেৰাও ৰংগনাথ খিলাৰী এগৰাকী কৃষিবিদ আৰু মহাৰাষ্ট্ৰ কৃষি ভূষণ বঁটা প্ৰাপক। সৰুতে তেওঁৰ চাইকেল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ফলত তেওঁৰ বাওঁহাতৰ গতিবিধি বাধাগ্ৰস্ত হৈছিল। তেওঁ পুনেৰ ইন্দিৰা কলেজ অৱ ইঞ্জিনিয়াৰিংত মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি থাকোঁতে খিলাৰীয়ে জেভলিন থ্ৰো খেলৰ প্ৰতি আকৰ্ষণ আৱিষ্কাৰ কৰিছিল। কিন্তু প্ৰতিযোগিতাৰ সময়ত কান্ধৰ আঘাতৰ বাবে তেওঁ শ্বট পুট খেলত মনোনিবেশ কৰে। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অতিথি অধ্যাপকৰ লগতে শিক্ষাৰ্থী সকলক মহাৰাষ্ট্ৰ লোকসেৱা আয়োগ আৰু সংঘ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰে।[4]

খেলুৱৈ জীৱন

সম্পাদনা কৰক

২০২২ চনৰ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বট পুট এফ৪৬ ইভেণ্টত সোণৰ পদক লাভ কৰে। ২০২৩ চনত পেৰিছত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি খিলাৰীয়ে পুৰুষৰ শ্বট পুট এফ৪৬ ইভেণ্টত সোণৰ পদক লাভ কৰে।[5] তেওঁ ১৬.২১ মিটাৰ সৰ্বোত্তম থ্ৰ'ৰে শ্বট পুটত অভিলেখ গঢ়িছিল।[6][7][8] ২০২৪ চনত জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰি একেটা ইভেণ্টতে স্বৰ্ণ পদক লাভ কৰে।[9] ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰে।[10]

  1. "World Para Athletic C'ships 2024: Sachin Khilari defends gold, Dharambir bags bronze; India surpasses best-ever tally". Sportstar. May 22, 2024. https://sportstar.thehindu.com/athletics/sachin-khilari-world-para-athletic-championships-2024-kobe-shot-put-f46-best-ever-medal-tally-athletics-news/article68202730.ece। আহৰণ কৰা হৈছে: May 25, 2024. 
  2. "Khilari No. 1: Sachin smashes Asian record on way to shot put gold". The Tribune. May 2022. https://www.tribuneindia.com/news/sports/khilari-no-1-sachin-smashes-asian-record-on-way-to-shot-put-gold-624041। আহৰণ কৰা হৈছে: May 25, 2024. 
  3. Srinivas, Aditi (May 22, 2024). "World Para Athletics Championships 2024: Sachin Khilari defends his shot put gold medal". Sportskeeda. https://www.sportskeeda.com/athletics/news-world-para-athletics-championships-2024-sachin-khilari-defends-shot-put-gold-medal। আহৰণ কৰা হৈছে: May 25, 2024. 
  4. "Sachin Khilari - From Guiding UPSC Aspirants to Claiming Paralympics Silver". NEWS18. https://www.news18.com/sports/who-is-sachin-khilari-from-guiding-upsc-aspirants-to-claiming-paralympics-silver-9038686.html. 
  5. "World Para Athletics Live Results". World Para Athletics Championships. https://www.paralympic.org/athletics/paris-2023/live-results/info-live-results/athd23/eng/zz/ZZS105A_ATHD23ATMS82@@@ENG.htm। আহৰণ কৰা হৈছে: May 25, 2024. 
  6. "Sachin Khilari sets new Asian record en route to gold at Para Athletics World C'ships". The Hindu. July 14, 2023. https://www.thehindu.com/sport/athletics/sachin-khilari-sets-new-asian-record-en-route-to-gold-at-para-athletics-world-cships/article67081529.ece। আহৰণ কৰা হৈছে: May 25, 2024. 
  7. Srivastava, Shantanu (October 26, 2023). "Asian Para Games: Record-breaking Sachin, Sidhartha shine as India record best-ever haul". Hindustan Times. https://www.hindustantimes.com/sports/others/asian-para-games-record-breaking-sachin-sidhartha-shine-as-india-record-best-ever-haul-101698340528268.html। আহৰণ কৰা হৈছে: May 25, 2024. 
  8. Sharma, Nitin (May 23, 2024). "From a fracture at 9 that restricted his left-arm movement, Sachin Khilari's journey to shot put gold at World Para Athletics". The Indian Express. https://indianexpress.com/article/sports/sport-others/sachin-khilari-gold-shot-put-world-para-athletics-9345909/। আহৰণ কৰা হৈছে: May 25, 2024. 
  9. "Kobe 2024 - Schedule and Results". World Para Athletics Championships. https://www.paralympic.org/athletics/kobe-2024/live-results। আহৰণ কৰা হৈছে: May 25, 2024. 
  10. "Paris Paralympics 2024 Day 7 Live Updates: Harvinder Singh’s archery R32 soon, Sachin Khilari wins silver in Men’s Shot Put F46 for India’s 21st medal". Indian express. https://indianexpress.com/article/sports/sport-others/paris-paralympics-2024-day-7-live-updates-sachin-sarjerao-khilari-bhavina-patel-harvinder-singh-dharambir-9549333/.