শিলকতৰা
শিলকতৰা(ইংৰাজী: Siberian Stonechat, বৈজ্ঞানিক নামঃ Saxicola maurus) এবিধ পৰিভ্ৰমী চৰাই। ই শীতকালত দক্ষিণ জাপানৰ পৰা থাইলেণ্ড পৰ্যন্ত, ভাৰত আৰু উত্তৰ পূৱ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰে।
শিলকতৰা | |
---|---|
দীপৰ বিলত শীতকালত অগৰা গছত বহি থকা এটা মতা শিলকতৰা | |
ভাৰতৰ উত্তৰ প্ৰদেশত মাইকী শিলকতৰা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passerifomes |
পৰিয়াল: | Muscicapidae |
গণ: | Saxicola |
প্ৰজাতি: | maurus |
সমাৰ্থক | |
বিৱৰণ
সম্পাদনা কৰকই ইয়াৰ নিকটতম জীৱিত আত্মীয় ইউৰোপীয় ষ্টোনচাট (S. rubicola)ৰ সৈতে মিলে, কিন্তু সাধাৰণতে ইয়াৰ গাৰ ওপৰ অংশ গাঢ় বৰণৰ আৰু তলভাগ শেঁতা, ইয়াৰ তপিনাৰ অংশ বগা আৰু বুকু সামান্য কমলা ৰঙৰ হয়। প্ৰজনন কালত মতা চৰাইৰ ওপৰৰ অংশ আৰু মূৰটো ক'লা (ইউৰোপীয় ষ্টোনচাটত বাদামী ৰঙৰ অভাৱ), বগা ডিঙি, স্কন্ধফলক, তপিনা আৰু ডিঙিৰ নিৰ্দিষ্ট অংশত কমলা ৰং থাকে।[1]
মাইকী চৰাইৰ গাৰ ওপৰৰ অংশ আৰু মূৰটো শেঁতা বাদামী ৰঙৰ, ডিঙিত বগা অংশ (সম্পূৰ্ণ ডিঙিত নহয়) থাকে, আৰু তপিনা শেঁতা, ৰেখাবিহীন গোলাপী হালধীয়া ৰঙৰ হয়। শীতকালত মতাবোৰৰ সমস্ত পাখি গ্ৰীষ্মকালীন মতা আৰু মাইকী চৰাইৰ মাজৰ মধ্যৱৰ্তী চেহেৰাৰ নিচিনা হয়, হুইঞ্চেট (S. rubetra)ৰ দৰে চুপাৰচিলিয়াম থাকে; এই প্ৰজাতিটো আৰু মাইকী চৰাইক ইয়াক সম্পূৰ্ণ বগা ডিঙিয়ে পৃথক কৰে।[1]
যদি ওচৰৰ পৰা দেখা যায়, তেন্তে ইয়াক চিনাক্ত কৰিব পাৰি যে ইয়াৰ প্ৰাথমিক উৰণ পাখিবোৰ এছ. ৰুবিকলাতকৈ দীঘল। ইয়াত ই হুইঞ্চেটৰ সৈতে নিবিড়ভাৱে মিল খায়, যিটো S. maurus ৰ দৰেই দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনৰ লগত খাপ খাই পৰে।[1]
দুটা শিলগুটি একেলগে টোকৰ মাৰিলে হোৱা শব্দৰ দৰে মতাটোৰ ক্লিক কল (মাত) এটা আছে। ডানক (Prunella modularis)ৰ দৰে ইয়াৰ গীত উচ্চ আৰু টুইটাৰিং হয়, ডানক হ'ল পাছেৰ’ইডিয়াৰ অন্তৰ্গত এটা অসংলগ্ন পাছেৰিডান গীতিকাৰ চৰাই।[2]
শিলকতৰাৰ পাঁচ বা ছটা উপপ্ৰজাতি আছে, য’ত S. m. maurus (ওপৰত বৰ্ণনা কৰা হৈছে) সুকীয়া কিন্তু একেধৰণৰ S. m. stejnegeri সমগ্ৰ উত্তৰ আৰু মধ্য এছিয়াত পোৱা যায়। দক্ষিণৰ S. m. variegatus (কেচপিয়ান সাগৰৰ পশ্চিমে), S. m. armenicus (পূব তুৰস্কৰ পৰা ইৰাণলৈ), S. m. indicus (হিমালয়) আৰু Turkestan stonechat S. m. przewalskii (দক্ষিণ-পশ্চিম চীন)ক পাখিৰ ওপৰত ডাঙৰ বগা অংশৰ দ্বাৰা পৃথক কৰা হয়।[3]
বিতৰণ
সম্পাদনা কৰকপ্ৰজনন ক্ষেত্ৰখনে নাতিশীতোষ্ণ এছিয়াৰ বেছিভাগ অঞ্চল সামৰি লৈছে, চাইবেৰিয়াৰ প্ৰায় ৭১° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে হিমালয় আৰু দক্ষিণ-পশ্চিম চীনলৈকে, আৰু পশ্চিমে পূব তুৰস্ক আৰু কেছপিয়ান সাগৰ অঞ্চললৈকে। ইউৰোপৰ সুদূৰ উত্তৰ-পূব অংশতো ইয়াৰ প্ৰজনন ঘটে, প্ৰধানকৈ ৰাছিয়াত কিন্তু মাজ-সময়ে ফিনলেণ্ডৰ পশ্চিমলৈকে।[4]
পৰিভ্ৰমী চৰাইটোৰ শীতকালীন পৰিসৰ দক্ষিণ জাপানৰ পৰা দক্ষিণে থাইলেণ্ড আৰু ভাৰতলৈকে, আৰু পশ্চিমৰ পৰা উত্তৰ-পূব আফ্ৰিকালৈকে। প্ৰব্ৰজনৰ ক্ষেত্ৰত কম সংখ্যকে পশ্চিম ইউৰোপৰ দৰে পশ্চিমলৈকে, আৰু ব্যতিক্ৰমীভাৱে উত্তৰ আমেৰিকাৰ আলাস্কালৈকে পূব দিশলৈকে যায়।[1]
চাইবেৰিয়াৰ শিলকতৰাই পোক-পৰুৱা খায়। ই মুকলি ৰুক্ষ ঘাঁহনি বা সিঁচৰতি জোপোহা থকা ৰুক্ষ ঘাঁহনিত প্ৰজনন কৰে, সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৪,০০০ মিটাৰ এ এছ এল বা তাতকৈ অধিক উচ্চতাত প্ৰজননৰ বাবে বিচৰণ কৰে। শিলকতৰা চৰাইবোৰে আনকি শীতল নাতিশীতোষ্ণ পৰিস্থিতিৰ পৰাও আঁতৰি থাকে আৰু কেৱল গৰম মহাদেশীয় গ্ৰীষ্মকালতহে উত্তৰ দিশলৈ গতি কৰে। ভূটানৰ হিমালয়ৰ পাদদেশৰ পাহাৰীয়া অঞ্চলত প্ৰব্ৰজনকাৰী শিলকতৰা চৰাইবোৰে মাজে মাজে ২০০০ মিটাৰ এ এছ এলতকৈ অধিক উচ্চতাৰ পথাৰ আৰু চৰণীয়া পথাৰত খাদ্য বিচাৰি ফুৰা দেখা যায়, কিন্তু বেছিভাগেই তললৈ শীতকালত গ্ৰীষ্মমণ্ডলীয় অঞ্চল আৰু দক্ষিণলৈ গুচি যায়।[5]
যদিও ইয়াক আই ইউ চি এন-এ কোনো সুকীয়া প্ৰজাতি বুলি গণ্য নকৰে, তথাপিও ইয়াক ইয়াৰ বিস্তৃতিৰ ব্যাপকতা আৰু সুলভতাৰ বাবে ইয়াক বিপন্ন প্ৰজাতি বুলি গণ্য কৰা নাই।[6]