শোণিতপুৰ ৰাজ্য

এখন বৈদিক যুগৰ কাল্পনিক ৰাজ্য

অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমশোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।[1] প্ৰবাদ আছে যে শোণিতপুৰৰ ৰজা বাণাসুৰে শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি গড় বান্ধিছিল যাক অগ্নিগড় নামেৰে জনা গৈছিল।[2] পৌৰাণিক কাহিনী অনুসৰি বাণৰজাৰ একমাত্ৰ জীয়ৰি ঊষাই গোপনে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক গোপনে বিয়া কৰোৱাৰ পৰিণতিত শোণিতপুৰত হৰি-হৰ যুদ্ধ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু শিৱৰ ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল।

অসুৰ ৰাজ্য
??–??
শ্ৰীকৃষ্ণই শোণিতপুৰৰ ৰজা বাণাসুৰক যুদ্ধত পৰাজিত কৰাৰ চিত্ৰ
শ্ৰীকৃষ্ণই শোণিতপুৰৰ ৰজা বাণাসুৰক যুদ্ধত পৰাজিত কৰাৰ চিত্ৰ

ৰাজধানী তেজপুৰ
Government ৰাজতন্ত্ৰ

ঐতিহাসিক যুগ বৈদিক যুগ
• Established
??
• Disestablished
??
ক্ৰমিক নং নাম সম্পৰ্কিত আখ্যান
মৰীচি
কাশ্যপ
হিৰণ্যকশিপু নৰসিংহ অৱতাৰ
প্ৰহ্লাদ
বিৰোচন
বলি বামণ অৱতাৰ (বলি চলন)
বাণাসুৰ হৰি-হৰ যুদ্ধ

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Niśipada Caudhurī (1985), Historical archaeology of central Assam, p.67
  2. শান্তনু বৰুৱা (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃষ্ঠা. ২,৩.