শৰপহু
শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি। ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে। পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি। শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায়[1]।
শৰপহু | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Ruminantia |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | Cervinae |
গণ: | Rusa |
প্ৰজাতি: | R. unicolor |
বৈজ্ঞানিক নাম | |
Rusa unicolor (Kerr, 1792) | |
সমাৰ্থক | |
|
ক্ৰমবিৱৰ্তন
সম্পাদনা কৰকপ্লিষ্টচিন যুগৰ শৰপহুৰ জীৱাশ্ম উদ্ধাৰে এই জীৱ বিধ দক্ষিণ এছিয়াত প্ৰথম উৎপত্তি হৈছিল বুলি প্ৰমাণ কৰিছে। তাৰ পিছত ক্ৰমান্বয়ে ই হয়তো অন্যান্য বসতিস্থল সমূহলৈ বিস্তাৰিত হ’ল[2]।
শ্ৰেণীবিভাজন
সম্পাদনা কৰকবৰ্তমানলৈকে শৰপহুৰ সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[2][3] -
উপ-প্ৰজাতি | সাধাৰণ নাম | বিতৰণ |
---|---|---|
R. u. boninensis | বনিন শৰপহু (Bonin Sambar Deer) | বনিন দ্বীপ (লুপ্তপ্ৰায়) |
R. u. brookei | বৰ্ণিয়’ | |
R. u. cambojensis | ইণ্ডোনেছিয়া আৰু মালয়েছিয়া | |
R. u. dejeani | দক্ষিণ চীনৰ শৰপহু | দক্ষিণ তথা দক্ষিণ-পশ্চিম চীন |
R. u. equina | মালয়ান শৰপহু (Malayan Sambar Deer) | সুমাত্ৰা |
R. u. hainana | হায়নান শৰপহু (Hainan Sambar Deer) | হায়নান দ্বীপ, চীন |
R. u. swinhoii | ফৰমছান শৰপহু (Formosan Sambar Deer) | টাইৱান |
R. u. unicolor | শ্ৰীলংকাৰ শৰপহু | ভাৰতবৰ্ষ, বাংলাদেশ, শ্ৰীলংকা |
বিৱৰণ
সম্পাদনা কৰকশৰপহুৰ দৈহিক গঠন ঠাই বিশেষে ভিন্ন হোৱা দেখা যায়। সাধাৰণতে ইয়াৰ কান্ধলৈকে উচ্চতা প্ৰায় ১০২-১৬০ ছে: মি: আৰু ওজন প্ৰায় ২২৫-৩২০ কি: গ্ৰা:[4]। পশ্চিমৰ উপ-প্ৰজাতি সমূহৰ দেহৰ আকাৰ পূব দিশত বিস্তৃত জন্তুতকৈ ডাঙৰ হোৱা দেখা যায়[2]।
দেহৰ বৰণ হালধীয়া-মটীয়া বা ডাঠ মটীয়া হয়। শৰপহুৰ সৰু কিন্তু ঘন কেশৰো থাকে। তুলনামূলক ভাৱে দীঘল, ক’লা নেজ এডাল থাকে। [2] মতা শৰপহুৰ মূৰত শিং (antler) থাকে।
বিতৰণ
সম্পাদনা কৰকশৰপহু প্ৰধানত: ভাৰতবৰ্ষ, বাৰ্মা, থাইলেণ্ড, ইণ্ডোনেছিয়া, চীন আৰু সুমাত্ৰা তথা বৰ্ণিয়’ ত পোৱা যায়[1]।
শৰপহুয়ে পৰ্ণপাতী অৰণ্যৰ ডাঠ জোপোহা তথা ঘাঁহনিত থাকি ভাল পায়[5]। এই প্ৰাণীবিধে ঘাঁহ, পাত, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে[5]।
আচৰণ
সম্পাদনা কৰকশৰপহু সাধাৰণতে নিশাচৰ। মতা প্ৰাণীবোৰে জীৱনৰ সৰহভাগ সময় অকলশৰেই কটায়। মাইকী শৰপহু সৰু সৰু দলত বাস কৰে। পানীৰ উৎসৰ কাষত থাকে। শৰপহু সাঁতোৰাত পাকৈত বুলি জনা যায়[2]। আনবোৰ পহুৰ দৰেই শৰপহু স্বভাৱত শান্ত প্ৰাণী।
ই সমগ্ৰ বছৰ ধৰি প্ৰজনন কৰে। মাইকী প্ৰাণীয়ে আঠ মাহলৈকে গৰ্ভধাৰণ কৰে। সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম হয়। পোৱালিয়ে জন্মৰ ৫-১৪ দিনৰ ভিতৰত কঠিন আহাৰ খাবলৈ আৰম্ভ কৰে[6]।
সাধাৰণতে আয়ুস প্ৰায় ১২ বছৰমান হয়[2]।
চিত্ৰসম্ভাৰ
সম্পাদনা কৰক-
শৰপহুৰ পোৱালি
-
পোৱালিৰ সৈতে এজনী শৰপহু
-
শৰপহুৰ দল
-
ৰাজস্থানৰ মতা শৰপহু
-
ৰাজস্থানৰ মাইকী শৰপহু
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Timmins, R.J., Steinmetz, R., Sagar Baral, H., Samba Kumar, N., Duckworth, J.W., Anwarul Islam, Md., Giman, B., Hedges, S., Lynam, A.J., Fellowes, J., Chan, B.P.L. & Evans. (2008). Rusa unicolor. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 12 December 2010.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 Leslie, D.M. (2011). "Rusa unicolor (Artiodactyla: Cervidae)". Mammalian Species খণ্ড 43 (1): 1–30. doi:10.1644/871.1. http://www.asmjournals.org/doi/full/10.1644/871.1.[সংযোগবিহীন উৎস]
- ↑ Wilson, D.E., Reeder, D.M. (eds.) (2005) Mammal Species of the World. A Taxonomic and Geographic Reference (3rd ed), Johns Hopkins University Press online
- ↑ Boitani, Luigi, Simon & Schuster's Guide to Mammals. Simon & Schuster/Touchstone Books (1984), ISBN 978-0-671-42805-1
- ↑ 5.0 5.1 Deer of the world: their evolution, behaviour, and ecology. Valerius Geist. Stackpole Books. 1998. Pg. 73-77.
- ↑ Semiadi, G. et al. (1993). "Growth, milk intake, and behaviour of artificially reared sambar deer (Cervus unicolor) and red deer (Cervus elaphus)". Journal of Agricultural Science খণ্ড 121 (2): 273–281. doi:10.1017/S0021859600077157. http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=4819680&fulltextType=RA&fileId=S0021859600077157.
বহি:সংযোগ
সম্পাদনা কৰক- Hunting Sambar in New Zealand
- Sambar deer in New Zealand and their distribution Archived 2009-11-01 at the Wayback Machine
- A Field Guide to Indian Mammals- Vivek Menon