সাহা
সাহা (ইংৰাজী: Saha/Shaha) হৈছে ভাৰতৰ পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ লগতে চুবুৰীয়া বাংলাদেশতো বাস কৰা এটা বঙালী হিন্দু উপাধি।[2]
Pronunciation | সাহা |
---|---|
Origin | |
Word/name | বাংলা |
Meaning | ব্যবসায়ী |
Region of origin | অসম, ত্ৰিপুৰা, পশ্চিম বংগ আৰু বাংলাদেশ |
Other names | |
Variant form(s) | অসংখ্য |
[1] |
ইতিহাস
সম্পাদনা কৰকএই উপাধিটো ঐতিহাসিকভাৱে বৈশ্য (ব্যৱসায়ী) সম্প্ৰদায়ৰ সৈতে জড়িত। সাহা শব্দটোৰ উৎপত্তি সংস্কৃত শব্দ সাধুৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে "সৎ" বা "ভাল"। সময়ৰ লগে লগে সাহাসকলে বাণিজ্য, ধন ঋণত দিয়া, খেতি ইত্যাদিৰ লগত জড়িত হৈ পৰিছিল।[3]
এওঁলোকৰ ধৰ্মীয় আচাৰ-আচৰণ অন্যান্য বঙালী হিন্দু সকলৰ নিচিনা।[4]
প্ৰাচীন সাহিত্যত
সম্পাদনা কৰকপয়াৰ ছন্দত লিখা শ্ৰী শ্ৰী হৰি লীলামৃত কবিতাত সাহাসকলৰ উল্লেখ পোৱা যায়।[5]
ৰাই এসে সেই বোঝা শীঘ্ৰ নামাইল।
সাহা বলে তোমৰা কোথায় যাবে বল।।
ৰাই বলে যা’ব মোৰা মধুমতী পাৰে।
সাহা বলে উঠ দোঁহে দিব পাৰ কৰে।।
উল্লেখযোগ্য ব্যক্তি
সম্পাদনা কৰক- মেঘনাদ সাহা - ভাৰতীয় জ্যোতিবিজ্ঞানী আৰু সাহা আয়নীয়কৰণ সমীকৰণৰ বিকাশক
- আৰতি সাহা - ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা আৰু ক্ৰীড়াক্ষেত্ৰত পদ্মশ্ৰী বঁটা প্ৰথম ভাৰতীয় মহিলা
- মানিক সাহা - ত্ৰিপুৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী
- ঋদ্ধিমান সাহা - ভাৰতীয় ক্ৰিকেটাৰ
- দেবত্তমা সাহা - ভাৰতীয় অভিনেত্ৰী
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "1990 Census Name Files". United States Census Bureau. 30 March 2005. http://www.census.gov/genealogy/names/names_files.html। আহৰণ কৰা হৈছে: 8 October 2018.
- ↑ "Saha". Banglapedia. http://en.banglapedia.org/index.php?title=Saha। আহৰণ কৰা হৈছে: 2020-07-08.
- ↑ Sarma, Jyotirmoyee (1980). Caste Dynamics Among the Bengali Hindus.
- ↑ "সাহা". banglapedia.org. https://bn.banglapedia.org/index.php?title=%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BE.
- ↑ তাৰক চন্দ্ৰ সৰকাৰ, শ্ৰী শ্ৰী লীলামৃত (১৯১৬)