সিজু (বৈজ্ঞানিক নাম: Euphorbia antiquorum) হ'ল এবিধ ইউফোৰবীয়াছী (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া (Euphorbia) জাতিৰ অন্তৰ্গত ৰসাল বনৌষধী। কেকটাছৰ সৈতে দেখিবলৈ একেধৰণৰ হোৱা সত্ত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থাকে। গোটেই গা-গছ আৰু পাত বোৰত যথেষ্ট পৰিমাণৰ পানী থাকে। পাতবোৰ বৰ মঙহাল হয়।

সিজু
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Euphorbiaceae
গণ: Euphorbia
প্ৰজাতি: E. antiquorum
বৈজ্ঞানিক নাম
Euphorbia antiquorum
L.

পৰম্পৰাগত ব্যৱহাৰ

সম্পাদনা কৰক

বড়োসকলৰ মাজত সিজু গছৰ ব্যৱহাৰৰ প্ৰথা অতীজৰ পৰা দেখা যায়। সিজুক বড়োসকলে বাথৌ পূজাত ব্যৱহাৰ কৰে।

হাত-ভৰিৰ আঙুলিত খুব বিষ হ'লে সিজুৰ মঙহাল কাণ্ডটো ফুটা কৰি আঙুলিত সুমুৱাই থ'লে (এই ৰোগবিধক উজনি অসমত আঙুলিপবা হোৱা বোলে) বিষ বহুখিনি নিৰাময় হয়। সিজু গছৰ পাত সিজাই ইয়াৰ ৰসত অলপমান কেঁচা নিমখ দি গৰমে গৰমে খালে বহুদিনীয়া কাহ ভাল হোৱা দেখা যায়।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ড॰ গায়ত্ৰী অগ্নিবৰা (খাৰঘৰীয়া) (১ - ১৫ ডিছেম্বৰ ২০১২). "কেকটাছ - এবিধ ৰসাল আৰু কৌতূহলী উদ্ভিদ". প্ৰান্তিক খণ্ড ৩২শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩২.