হাওৰ (ইংৰাজী: Haor) হৈছে বাংলাদেশৰ উত্তৰ-পূব অংশৰ এক জলাশয় পৰিৱেশতন্ত্ৰ, যি বাটি বা প্লেটৰ আকৃতিৰ অগভীৰ জলভূমি, যাক বেকস্বাম্প বুলিও কোৱা হয়।[1][2][3][4][5] বাৰিষাৰ সময়ত হাওৰে নদী আৰু খালৰ পৰা বাগৰি যোৱা পানী গ্ৰহণ কৰি বিশাল আকাৰ ধাৰণ কৰি অশান্ত জলাশয়লৈ পৰিণত হয়।

টাংগুৱাৰ হাওৰ বাংলাদেশৰ অন্যতম বৃহৎ হাওৰ। সোঁফালে এটা সাধাৰণ মিঠা পানীৰ জলাশয়ৰ অৰণ্য দেখা গৈছে আৰু পশ্চাৎভূমিত মেঘালয়ৰ খাচী পাহাৰ
ছিলেট জিলাৰ হাওৰ
হাওৰ বেচিনৰ পৰিসৰ আৰু অৱস্থান

"হাওৰ" শব্দটো "সাগৰ" শব্দৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়। [1]

হাওৰ. বাওৰ, বিল আৰু ঝিল

সম্পাদনা কৰক

বঙালী ভাষাত হ্ৰদ শব্দটোৰ ভিন্নতা বুজাবলৈ কেইবাটাও শব্দ আছে, সেইকেইটা হ’ল- হাওৰ, বাওৰ, ঝিল আৰু বিল। [6][7] চাৰিওটা একে ধৰণৰ মিঠা পানীৰ জলাশয়।[8] হাওৰ, বিল বা বাওৰৰ মাজৰ পাৰ্থক্য সাধাৰণতে তেনেই সামান্য।

সাধাৰণতে খহনীয়া বা অন্যান্য ভৌগোলিক প্ৰক্ৰিয়াৰ ফলত উৎপন্ন হোৱা বিল হৈছে বহল আৰু অগভীৰ পানীৰ জলাশয়। কেতিয়াবা নিজৰ গতিপথ সলনি কৰা নদীৰ অৱশিষ্ট বিললৈ পৰিণত হয়। শীতকালত বহুতো বিল শুকাই যায়। কিন্তু বৰষুণৰ দিনত ই বিস্তাৰ লাভ কৰে, যিবোৰক মিঠা পানীৰ লেগুন বুলি বৰ্ণনা কৰিব পাৰি। [9] বিল সাধাৰণতে হাওৰতকৈ সৰু, কিন্তু বাংলাদেশৰ ৰাজশাহী সংমণ্ডলত চলন বিলৰ দৰে ডাঙৰ বিল আছে, যাৰ মাজেৰে আত্ৰেয়ী নদী পাৰ হৈ গৈছে। বছৰৰ পিছত বছৰ ধৰি ই সংকুচিত হৈ আহিছে যদিও খৰালি কালত এতিয়াও ই ২৬ বৰ্গ কিলোমিটাৰ অঞ্চল আৱৰি লয়। কেতিয়াবা হাওৰবোৰ শুকাই যোৱাৰ পিছতো হাওৰৰ ভিতৰত সৰু সৰু স্থায়ী জলভাগ থাকে। এইবোৰক বিল বুলিও কোৱা হয়। [10] বাওৰ বা ঝিল হৈছে ধেনুভেৰীয়া হ্ৰদ, [11] অৰ্থাৎ ভৈৰৱ, কালিগংগা, গোৰাই আৰু কুমাৰ নদীৰ এৰাসুঁতি। [12]

জলবিজ্ঞানী ছাইলা পাৰবীনে এটা সহজ সংজ্ঞা দিছিল, "হাওৰ – ঋতুভিত্তিক জলাশয়, বাওৰ – ধেনুভেৰীয়া বা ঘোঁৰাশলখা আকতিৰ হ্ৰদ, আৰু বিল – বহুবৰ্ষজীৱী জলভাগ।" [13] ঝিল বা বাওৰ বৃহত্তৰ কুমিল্লা, ফৰিদপুৰ, ঢাকা আৰু পাবনা জিলাত বিয়পি আছে। হাওৰ প্ৰধানকৈ উত্তৰ-পূব বাংলাদেশৰ এটা বৈশিষ্ট্য। সমগ্ৰ বাংলাদেশ আৰু পশ্চিম বংগৰ চুবুৰীয়া জিলাসমূহত বিল দেখা পোৱা যায়। [14]

হাওৰ অনন্য জলাশয় আৰু ই পৰ্যটকক আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে। হাওৰবোৰ পৰিভ্ৰমণ কৰিবলৈ সৰ্বোত্তম সময় হৈছে বাৰিষাৰ শেষৰ ফালে, যেনে আগষ্ট-ছেপ্টেম্বৰৰ আশে-পাশে। তেতিয়া হাওৰবোৰ পানীৰে ভৰি থাকে। ইয়াৰ পিছত হাওৰবোৰৰ পানী কমি যাবলৈ আৰম্ভ কৰে। শীতকালত হাওৰ আৰু বিলবোৰলৈ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে।[10] চৰাই-চিৰিকটি চোৱা লোকৰ বাবে ই আদৰ্শ ঋতু।

ল'নলি প্লেনেটে এই অঞ্চলসমূহক "বাংলাদেশৰ আটাইতকৈ মোহনীয় গ্ৰামাঞ্চলৰ কিয়দাংশ" বুলি বৰ্ণনা কৰিছে।[15] বাংলাদেশৰ জলসম্পদ মন্ত্ৰালয়ৰ মতে ২০১২ চনত হাওৰ অঞ্চলত ১৪৪টা পৰ্যটনস্থলী আছিল, ইয়াৰে ৩৭টা প্ৰাকৃতিক আৰু ১০৭ টা আছিল মানৱসৃষ্ট। মন্ত্ৰালয়ে পৰ্যটন খণ্ডৰ বৰ্তমানৰ ২০১২ চনৰ জিডিপি হাৰ ০.৭০ৰ পৰা ভিতৰত ২০১৫ চনৰ ভিতৰত ২% আৰু তাৰ পিছত ২০২১ চনৰ ভিতৰত ৫%লৈ বৃদ্ধি কৰাৰ লক্ষ্য ঘোষণা কৰে। চৰকাৰে ১৩টা পৰ্যটন বিকাশ প্ৰকল্প ঘোষণা কৰে, য’ত অন্তৰ্ভূক্ত থাকিব ২খন ইক’-পাৰ্ক, ৬টা পৰ্যটনস্থলী, ৩টা চৰাই পৰ্যবেক্ষণ কেন্দ্ৰ, এখনন মংস্য পাৰ্ক, এখন বন্যপ্ৰাণী অভয়াৰণ্য আৰু হাম্মান জলপ্ৰপাতৰ ওচৰত হোটেল, ৰেষ্টুৰেণ্ট, পাৰ্কিং সমন্বিতে এটা পৰ্যটন কেন্দ্ৰ।[16] আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই (IUCN) পৰ্যটকৰ যাতায়ত বৃদ্ধিক "হাওৰৰ বাসিন্দাসকলৰ বাবে তেওঁলোকৰ জীৱিকা উন্নততৰ কৰাৰ এক সম্ভাৱ্য সুযোগ" বুলি গণ্য কৰে।[17] IUCN বাংলাদেশে টাংগুৱাৰ হাওৰ জলাশয় অঞ্চলত (এটা ৰামছাৰ স্থল) জলাশয়ৰ সম্পদৰ বহনক্ষম ব্যৱস্থাপনাৰ অন্যতম উপায় হিচাপে এটা সম্প্ৰদায়ভিত্তিক পৰ্যটন প্ৰকল্প আৰম্ভ কৰে।[18]

  1. 1.0 1.1 MK Alam; Wave attack in Haor areas of Bangladesh and cement concrete blocks as structural revetment material; Progress in Structural Engineering, Mechanics and Computation: Proceedings (ed. Alphose Zingoni); page 325; Taylor & Francis; 2004; আই.এচ.বি.এন. 90-5809-568-1
  2. Bio-ecological Zones of Bangladesh; International Union for Conservation of Nature and Natural Resources, Bangladesh Country Office; page 31; The World Conservation Union (IUCN); 2002; আই.এচ.বি.এন. 984-31-1090-0
  3. Bangladesh & Desertification Archived 2007-12-30 at the Wayback Machine, Sustainable Development Networking Programme (SDNP), Bangladesh; Retrieved: 2007-12-04
  4. Abdul Wahab Akonda (1989), "Bangladesh", A directory of Asian wetlands, IUCN, pp. unpaginated, ISBN 2-88032-984-1, https://portals.iucn.org/library/sites/library/files/documents/1989-Scott-001.pdf 
  5. Bennett, Sara; Scott, Derek; Karim, Ansarul; Sobhan, Istiak; Khan, Anisuzzaman; Rashid, S.M.A. (1995). "Chapter 3: Interpretive Description of the Region's Wetlands". Wetland Specialist Study, Northeast Regional Water Management Plan, Bangladesh Flood Action Plan 6. Bangladesh Water Development Board. http://bicn.com/wei/resources/nerp/wrs/ch3.htm। আহৰণ কৰা হৈছে: 2007-12-04. 
  6. Fikret Berkes; Sacred Ecology: Traditional Ecological Knowledge and Resource Management; page 43; Taylor & Francis; 1999; আই.এচ.বি.এন. 1-56032-694-8
  7. Overview Archived 2007-12-02 at the Wayback Machine, Official website of IUCN in Bangladesh; Retrieved: 2007-12-03
  8. Alam, Mohd Shamsul; Hossain, Md Sazzad (2012). "Wetland". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Wetland. 
  9. Alam, Mohd Shamsul; Hossain, Md Sazzad (2012). "Beel". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Beel. 
  10. 10.0 10.1 G. M. Akram Hossain, and Ainun Nishat. "Environmental Considerations for Water Resources Development in Haor Areas of Northeastern Bangladesh". American Society of Civil Engineers. Archived from the original on 2011-07-16. https://web.archive.org/web/20110716095620/http://cedb.asce.org/cgi/WWWdisplay.cgi?9601961। আহৰণ কৰা হৈছে: 2007-11-23. 
  11. Haque, M. Inamul (2012). "Haors_and_Wetlands". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Haors_and_Wetlands. 
  12. Saila Parveen and Islam M Faisal, Open-water Fisheries in Bangladesh: A Critical Review Archived 2004-08-04 at the Wayback Machine, The Second International Symposium on the Management of Large Rivers for Fisheries, Large River Symposium
  13. Chakraborty, Tapas Ranjan (2005). Management of Haors, Baors, and Beels in Bangladesh. International Lake Environment Committee Foundation. Archived from the original on 2017-08-28. https://web.archive.org/web/20170828143833/http://wldb.ilec.or.jp/ILBMTrainingMaterials/resources/Bangladesh.pdf। আহৰণ কৰা হৈছে: 2017-08-28. 
  14. Factsheet: Bird Archived 2017-08-28 at the Wayback Machine, Management of Aquatic Ecosystem through Community Husbandry, Government of Bangladesh; Retrieved: 2007-12-05
  15. McAdam, Marika, Bangladesh, p. 149, Sunamganj, Lonely Planet, আই.এচ.বি.এন. 1-74059-280-8
  16. Master Plan of Haor Area, Bangladesh Haor and Wetland Development Board, Ministry of Water Resources
  17. Community Based Sustainable Management of Tanguar Haor Project: 3rd Phase, International Union for Conservation of Nature (IUCN)
  18. Promoting responsible tourism to develop climate resilient tourism industry Archived 2022-03-08 at the Wayback Machine, International Union for Conservation of Nature (IUCN)

অধিক জানিবলৈ পঢ়ক

সম্পাদনা কৰক
  • Niyogi, PK (16 November 2008). "Travel: Water, Water everywhere". The Statesman (Kolkata). 

বাহ্যিক সংযোগ

সম্পাদনা কৰক