হাৰুৱা কপৌ (ইংৰাজী: Red Turtle Dove or Red Collared Dove , বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি।

হাৰুৱা কপৌ
(Red Turtle Dove)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Streptopelia
প্ৰজাতি: S. tranquebarica
বৈজ্ঞানিক নাম
Streptopelia tranquebarica
(Hermann, 1804)

হাৰুৱা কপৌৰ দেহটো শকত, নেজ চুটি। মতা কপৌৰ ঠোঁট ক'লা, মূৰ মুগা বৰণৰ আৰু ডিঙিৰ পিছফালে কলাৰৰ দৰে এটা গাঢ় আঁচ থাকে। মাইকী হাৰুৱা কপৌৰ ৰঙ পাতল মটীয়া (dull brown) ধৰণৰ হয়।[2]

হাৰুৱা কপৌ ঘাইকৈ ভাৰত উপমহাদেশ, টাইৱান আৰু ফিলিপাইনছ আদিত বিস্তৃত হৈ আছে।[2]

টেক্স'নমি

সম্পাদনা কৰক

বৰ্তমানলৈকে হাৰুৱা কপৌৰ দুবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-[3]

বসতিস্থান

সম্পাদনা কৰক

হাৰুৱা কপৌ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাৰ বনাঞ্চল, খেতি-পথাৰ আৰু মানুহৰ বসতিস্থানৰ ওচৰে পাজৰে দেখা যায়[2]

হাৰুৱা কপৌৱে ঘাইকৈ বিভিন্ন গুটি খাই জীয়াই থাকে।[2]

এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত হাৰুৱা কপৌৰ প্ৰজনন হয়। ইহঁতে গছৰ ডালত বাহ সাজে। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি হয়।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক