ৰংপুৰ (আহোম: চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) ইংৰাজী ভাষা:Rangpur , উচ্চাৰণ: ˈræŋpʊə বা ˈræŋgpʊə) আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত স্থাপন কৰা আহোম ৰাজ্যৰ এখন ৰাজধানী আছিল।(Gogoi 1968, পৃষ্ঠা 508) এতিয়া এই স্থান শিৱসাগৰ নগৰৰ অন্তৰ্ভুক্ত। আহোম ৰাজ্যৰ কেইবাটাও ঐতিহাসিক সমল যেনে তলাতল ঘৰ আৰু ৰংঘৰ ইয়াতে অৱস্থিত।

ৰংপুৰ
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
ঐতিহাসিক স্থান
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ

আহোম ৰাজ্যৰ শ্ৰেষ্ঠ সময়ছোৱাত ৰংপুৰ ৰাজধানী আছিল। মোৱামৰীয়া বিদ্ৰোহত দুবাৰ এই ৰাজধানীৰ পতন ঘটিছিল। প্ৰথমবাৰ ১৭৬৯-৭০ চনত কেইমাহমানৰ বাবে বিদ্ৰোহীসকলে স্বৰ্গদেউ লক্ষ্মী সিংহক বন্দী কৰি ৰাখিছিল। দ্বিতীয়বাৰ ১৭৮৮ৰ পৰা ১৭৯২ চনলৈ বিদ্ৰোহীসকলে ৰংপুৰ নিজৰ অধীনত ৰাখিছিল আৰু শেষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ থমাছ ৱেল্‌ছৰ সেনাবাহিনীয়ে তেওঁলোকক পৰাস্ত কৰিছিল। ৰংপুৰ পুনৰ আহোমৰ হাতলৈ আহিলেও ৰাজধানী ইয়াৰ পৰা উঠাই নি যোৰহাটত পতা হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  • Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University