ৰক্ষণশীলতাবাদ

ৰাজনৈতিক দৰ্শন যি পৰম্পৰাগত সামাজিক প্ৰতিষ্ঠানসমূহ বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়ে

ৰক্ষণশীলতাবাদ (ইংৰাজী: Conservatism) হৈছে এক নান্দনিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক দৰ্শন, যি পৰম্পৰাগত সামাজিক প্ৰতিষ্ঠানবোৰৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰিব বিচাৰে।[1] ৰক্ষণশীলতাবাদৰ কেন্দ্ৰীয় ধাৰণাবোৰ সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰাগত মূল্যবোধ বা অনুশীলন অনুসৰি পৃথক পৃথক হ'ব পাৰে। পাশ্চাত্য সংস্কৃতিত ৰক্ষণশীলসকলে সংগঠিত ধৰ্ম, সংসদীয় চৰকাৰ আৰু সম্পত্তিৰ অধিকাৰৰ দৰে বিভিন্ন প্ৰতিষ্ঠান সংৰক্ষণ কৰিব বিচাৰে।[2] ৰক্ষণশীলতাবাদৰ অনুসৰণকাৰীসকলে প্ৰায়ে আধুনিকতাৰ বিৰোধিতা কৰে আৰু পৰম্পৰাগত মূল্যবোধ প্ৰচলন কৰিব বিচাৰে।[3][4]

ৰাজনৈতিক প্ৰেক্ষাপটত এই শব্দটোৰ প্ৰথম প্ৰতিষ্ঠিত ব্যৱহাৰ ১৮১৮ চনত ফৰাচী বিপ্লৱৰ নীতিসমূহ ঘূৰাই ল'বলৈ বিচৰা বৰ্বন পুনৰুদ্ধাৰৰ সময়ছোৱাত।[5] ঐতিহাসিকভাৱে সোঁপন্থী ৰাজনীতিৰ সৈতে সম্পৰ্কিত এই শব্দটো তেতিয়াৰ পৰা বিভিন্ন ধৰণৰ দৃষ্টিভংগী বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ৰক্ষণশীল বুলি গণ্য কৰা নীতিৰ কোনো একক সংজ্ঞা নাই কিয়নো ৰক্ষণশীলতাৰ অৰ্থ নিৰ্ভৰ কৰে এক নিৰ্দিষ্ট স্থান আৰু সময়ত কাক পৰম্পৰাগত বুলি গণ্য কৰা হয় তাৰ ওপৰত। সেয়ে ৰক্ষণশীল চিন্তাধাৰা ভিন্নতা দেখা যায় কিয়নো ই নিজকে বিদ্যমান পৰম্পৰা আৰু ৰাষ্ট্ৰীয় সংস্কৃতিৰ সৈতে খাপ খুৱাই লয়।[6] উদাহৰণ স্বৰূপে, কিছুমান ৰক্ষণশীল লোকে অৰ্থনীতিত অধিক চৰকাৰী হস্তক্ষেপৰ পোষকতা কৰে[7] আনহাতে আন কিছুমানে অধিক মুক্ত বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ বাবে ওকালতি কৰে।[8] এনেদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰক্ষণশীলসকলে— প্ৰত্যেকে তেওঁলোকৰ নিজ নিজ পৰম্পৰা বজাই ৰাখি— বিভিন্ন বিষয়ত অসন্মত হ'ব পাৰে। অষ্টাদশ শতিকাৰ ৰাজনীতিবিদ এডমাণ্ড বাৰ্কে ফৰাচী বিপ্লৱৰ বিৰোধিতা কৰিছিল, কিন্তু আমেৰিকান বিপ্লৱক সমৰ্থন কৰিছিল; তেওঁক ১৭৯০-ৰ দশকত ৰক্ষণশীলতাৰ অন্যতম মুখ্য তাত্ত্বিক হিচাপে কৃতিত্ব দিয়া হয়।[9]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Hamilton, Andrew (2019). "Conservatism". Stanford Encyclopedia of Philosophy. https://plato.stanford.edu/entries/conservatism/. 
  2. Heywood 2012, পৃষ্ঠা. 69.
  3. McLean, Iain; McMillan, Alistair (2009). "Conservatism". Concise Oxford Dictionary of Politics (3rd ed.). Oxford University Press. "Sometimes [conservatism] has been outright opposition, based on an existing model of society that is considered right for all time. It can take a 'reactionary' form, harking back to, and attempting to reconstruct, forms of society which existed in an earlier period". আই.এচ.বি.এন. 978-0-19-920516-5.
  4. "Conservatism (political philosophy)". Britannica.com. Retrieved November 1, 2009. 
  5. Jerry Z. Muller, ed (1997). Conservatism: An Anthology of Social and Political Thought from David Hume to the Present. Princeton U.P.. পৃষ্ঠা. 26. ISBN 978-0-691-03711-0. https://books.google.com/books?id=9F7i5u4sOtgC&pg=PA26. "Terms related to 'conservative' first found their way into political discourse in the title of the French weekly journal, Le Conservateur, founded in 1818 by François-René de Chateaubriand with the aid of Louis de Bonald." 
  6. Heywood 2012, পৃষ্ঠা. 66.
  7. Vincent 2009, পৃষ্ঠা. 79.
  8. Vincent 2009, পৃষ্ঠা. 78.
  9. Frank O'Gorman (2003). Edmund Burke: His Political Philosophy. Routledge. পৃষ্ঠা. 171. ISBN 978-0-415-32684-1. https://books.google.com/books?id=U-reNJAnv1oC&pg=PA171.