ৰহা নগাঁও জিলাৰ এখন সৰু অথচ ব্যস্ত চহৰ । সকলো ধৰ্মৰ লোকেই এই চহৰত মিলা-প্ৰীতিৰে বাস কৰে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৱস্থিত এই চহৰখন।

ৰহা
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাঁও জিলা

কলং আৰু কপিলী নদী ৰহাৰ কাষেৰে বৈ গৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মীন মহাবিদ্যালয় ৰহাত অৱস্থিত।

বিদ্যালয়

সম্পাদনা কৰক
  1. ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. ৰহা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  3. ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ
  4. শংকৰদেৱ শিশু বিদ্যা নিকেতন
  5. প্ৰাঞ্জল মে'মৰিয়েল একাডমি
  6. চেণ্ট বেচিল্ট একাডমি, চাপৰমুখ
  7. ৰিজনেঞ্চ বিদ্যাপীঠ
  8. ভৱানী দাস সোৱৰণীঁ ৰহা জাতীয় বিদ্যালয়

মহাবিদ্যালয়

সম্পাদনা কৰক
  1. ৰহা মহাবিদ্যালয়
  2. মীন মহাবিদ্যালয়

ৰহা, নগাঁও লোকসভাৰ এক অংশ। বৰ্তমান ৰহা বিধানসভা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক
  • গোপীনাথ বৰদলৈ: স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।[1] ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক "লোকপ্ৰিয়" উপাধিৰে বিভূষিত কৰিছিল। ১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰ ভাৱে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ভাৰত-ৰত্ন উপাধি প্ৰদান কৰে।