ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। ৰাভা জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
স্বায়ত্বশাসিত অঞ্চল
দেশ  ভাৰত
ৰাজ্য অসম
পৰিষদ গঠন ১৯৯৫
মুখ্য কাৰ্যালয় দুধনৈ
চৰকাৰ
 • ধৰণ স্বায়ত্বশাসিত পৰিষদ
 • পৰিচালনা ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
 • মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা

ইয়াৰ মুখ্য কাৰ্যালয় গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত।[1]

কামৰূপ জিলাৰ ৰাণীৰ পৰা প্ৰায় গোটেই গোৱালপাৰা জিলালৈ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ অধীনত। এই অঞ্চলত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।

এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।[2]

বাহ্যিক সংযোগ

সম্পাদনা কৰক