ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস বা ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস (ইংৰাজী: National Technology Day) ভাৰতত প্ৰতি বছৰে ১১ মে' তাৰিখে পালন কৰা হয়। ১৯৯৮ চনৰ পোখৰাণ পাৰমাণৱিক পৰীক্ষা বা অপাৰেচন শক্তিৰ বৰ্ষপূৰ্তি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৯৮ চনৰ ১১ মে' তাৰিখে পোখৰাণত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ নেতৃত্বত আৰু তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ তৎপৰতাত বিজ্ঞানীসকলে পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন হৈছিল। ১৯৯৯ চনৰ পৰা ১১ মে’ তাৰিখৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ লগত জড়িত বিজ্ঞানী, গৱেষক, অভিযন্তা আৰু আন সকলোৰে কৃতিত্বক স্মৰণ কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰি অহা হৈছে।

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
পালন কৰে ভাৰত
প্ৰকাৰ ৰাষ্ট্ৰীয়
মহত্ব ১৯৯৮ চনৰ পোখৰাণ পাৰমাণৱিক পৰীক্ষা বা অপাৰেচন শক্তিৰ বৰ্ষপূৰ্তি
তাৰিখ ১১ মে'

১৯৯৮ চনৰ ১১ মে' তাৰিখে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত  তিনিটা উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৃষ্ঠপোষকতাত বিজ্ঞানী এ পি জে আব্দুল কালাম আৰু তেওঁৰ দলে ১১ মে' তাৰিখে  ৰাজস্থানৰ পোখৰানত পাৰমাণৱিক মিছাইল "শক্তিৰ" সফল পৰীক্ষা সম্পন্ন কৰে। এই পৰীক্ষাক আধিকাৰীক ভাবে অপাৰেচন শক্তি নামাকৰণ কৰা হয়। ইয়াৰ লগে লগে ভাৰত পৃথিৱীৰ ভিতৰত পাৰমাণৱিক শক্তিৰে সজ্জিত ছয় সংখ্যক দেশ হিচাপে পৰিগণিত হয়। একেদিনা ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ উদ্যোগত "ত্ৰিশূল মিছাইলৰ সফল প্ৰক্ষেপন কৰা হৈছিল। একেদিনা বেংগালুৰুত সম্পূৰ্ণৰূপে ভাৰতত তৈয়াৰ কৰা প্ৰথম পাতল  আকাশীযান হংস-৩ৰ সফলতাৰে উৰণ সম্পন্ন কৰা হয়। ১৯৯৮ চনৰ ১১ মে' তাৰিখে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এই তিনিটা উল্লেখযোগ্য ঘটনা সংঘটিত হোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে ১১ মে' দিনটো  ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস হিচাপে ঘোষণা কৰিছিল। ১৯৯৯ চনত পোনপ্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয়।