ৰিয়ান পৰাগ দাস (ইংৰাজী: Riyan Parag Das) (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল। ৰিয়ান পৰাগে ২০২৪ চনৰ জুন মাহৰ ২৪ তাৰিখে ঘোষণা কৰা আগন্তুক ভাৰত-জিম্বাবৱে টি২০ পাঁচখনীয়া শৃংখলৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ ১৫ জনীয়া তালিকাত স্থান লাভ কৰে। উক্ত স্থানলাভৰ জৰিয়তে ৰিয়ান পৰাগ এনে কৃতিত্ব অৰ্জন কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ আৰু উত্তৰ-পূবৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে বিবেচিত হয়৷ ইয়াৰ পূৰ্বে উমা ছেত্ৰীয়ে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত পোনপ্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছিল৷ ৰিয়ানৰ পিতৃ পৰাগ দাস এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যি অসম, ৰে'লৱে আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছে। ৰিয়ানৰ মাতৃ হৈছে মিঠু বৰুৱা। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা ৫০‌মিটাৰ ফ্ৰীষ্টাইলৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী এগৰাকী প্ৰাক্তন সাঁতোৰবিদ। ইয়াত বিতংকৈ পঢ়ক