ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৮
পবিত্ৰ কুমাৰ ডেকা (২৯ জানুৱাৰী ১৯৪০ – ৫ জানুৱাৰী ২০১০) অসম,ভাৰতৰ এগৰাকী চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিক, স্তম্ভলেখক, প্ৰকাশক আৰু মাহেকীয়া আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ। তেখেতে আশীৰ দশকত আৰম্ভ কৰা 'ৰূপকাৰ' নামৰ সাংস্কৃতিক আলোচনীখনে অসমত পেছাদাৰী চলচ্চিত্ৰ-সাংবাদিকতাৰ গুৰি ধৰে। পবিত্ৰ কুমাৰ ডেকাই জীৱনৰ শেষ মুহূৰ্তলৈকে 'অসম চিনে-জাৰ্ণেলিষ্ট সংস্থা'ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ ইতিহাস সামৰি লিখা সাতোটা দশকৰ অসমীয়া চলচ্চিত্ৰ শীৰ্ষক গ্ৰন্থখন তেখেতৰ এক গুৰুত্বপূৰ্ণ অৱদান। সূৰ্য তেজৰ অন্য নাম, হস্তীৰ কন্যা, জখম, ধনীৰামৰ ধন আদি একাধিক চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ বাবে তেখেতে চিত্ৰনাট্য লিখিছে। ইয়াৰ লগতে ডেকাই জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায়কে প্ৰমুখ্য কৰি একাংশ অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছে। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী শাখাৰ বাবে তেখেতে মৃণাল সেন, ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে চলচ্চিত্ৰকাৰসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। তেখেতক ১৯৮৮ চনত ইষ্টাৰ্ণ ইণ্ডিয়া চলচ্চিত্ৰ সন্থাৰ পৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা প্ৰদান কৰা হয়। অসম চৰকাৰে তেখেতৰ মৃত্যুৰ পিছত ২০১০ চনৰ পৰা ৰাজ্যিক 'শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক' বঁটা প্ৰতিষ্ঠা কৰিছে। ইয়াত বিতংকৈ পঢ়ক