এন্‌চাইক্ল'পেডিয়া ব্ৰিটানিকা ('ব্ৰিটিছ এন্‌চাইক্ল'পেডিয়া'ৰ লেটিন) ইংৰাজী ভাষাৰ এখন সাধাৰণ জ্ঞান বিশ্বকোষ। মালিকীস্বত্ব সাতবাৰ সলনি হোৱা সত্বেও ১৭৬৮ চনৰ পৰা ইয়াক এন্‌চাইক্ল'পেডিয়া ব্ৰিটানিকা ইন্‌কৰ্প'ৰেচনে প্ৰকাশ কৰি আহিছে। প্ৰায় ১০০ গৰাকী পূৰ্ণকালীন সম্পাদক আৰু ৪০০০ৰো অধিক অৱদানকাৰীয়ে বিশ্বকোষখন চোৱা-চিতা কৰে। ১৭৬৮ চনৰ পৰা ১৭৭১ চনৰ ভিতৰত স্কটিছ ৰাজধানী এডিনবৰাত এইখন প্ৰথম প্ৰকাশ হৈছিল। ৩২টা খণ্ড আৰু ৩২,৬৪০ পৃষ্ঠা জোৰা ২০১০ চনৰ পঞ্চদশ সংস্কৰণটোৱেই ইয়াৰ শেষ ছপা সংস্কৰণ আছিল। ২০১৬ চনৰ পৰা ইয়াক মাথোঁ অনলাইন বিশ্বকোষ হিচাপে প্ৰকাশ কৰা হৈছে।