ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী বা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (ইংৰাজী: National Disaster Response Force) হৈছে ভাৰতৰ এক বিশেষ বাহিনী, যাক ভাৰতৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ দায়িত্ব দিয়া হৈছে। ই গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধীনত কাম কৰে৷ ইয়াক ২০০৬ চনত দেশত দুৰ্যোগ ব্যৱস্থাপনা ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হয়৷[2]
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ প্ৰতীক | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ১৯ জানুৱাৰী ২০০৬ |
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
মুখ্য কাৰ্যালয় | সঞ্চালকালয়, এন ডি আৰ এফ, ৬ নং মহলা, এন ডি চি চি-II বিল্ডিং, জয় সিং ৰোড, নতুন দিল্লী - ১১০০০১ |
মূলমন্ত্ৰ | "आपदा सेवा सदैव सर्वत्र" |
কৰ্মচাৰী | ১৩,০০০[1] |
বাৰ্ষিক বাজেট | ₹১,৬০১.০২ কোটি (২২৪.৫ মিলিয়ন ডলাৰ) (2023–24) |
দায়বদ্ধ মন্ত্ৰী | অমিত শ্বাহ, গৃহ মন্ত্ৰণালয় |
সংস্থাৰ কাৰ্যবাহী | শ্ৰী পিয়ুস আনন্দ, আইপিএছ, সঞ্চালক প্ৰধান |
পিতৃ বিভাগ | গৃহ পৰিক্ৰমা মন্ত্ৰালয় |
সন্তান সংস্থা | কৰ্ণাটক ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী টেলেংগানা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী |
Key document | দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ |
ৱেবছাইট | ndrf |
ভাৰতৰ দুৰ্যোগ পৰিচালনাৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ। প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘ন’ডেল মন্ত্ৰালয়’ হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়।[3]
এই বাহিনীটোৱে সংঘটিত হোৱা আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ সম্পদক প্ৰভাৱিত কৰা দুৰ্যোগৰ প্ৰতি সঁহাৰিৰ সমন্বয়ৰ ক্ষেত্ৰতো সহায় কৰে।[4]
এন ডি আৰ এফৰ নেতৃত্বত এজন সঞ্চালক প্ৰধান আৰু ইয়াৰ উপৰিও কেইবাজনো মহাপৰিদৰ্শক (আই জি) আৰু উপ আই জি আছে, যিসকল পতাকা বিষয়া আৰু ৰেংকৰ বেজ পিন্ধে।
গাঁথনি
সম্পাদনা কৰকৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এন ডি আৰ এফ) হৈছে ১৬টা বেটেলিয়নৰ বাহিনী, যিটো অৰ্ধসামৰিক লাইনত সংগঠিত, আৰু য'ত ভাৰতৰ অৰ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিত্ব থকা ব্যক্তিসকলে কাম কৰে৷ তিনিটা সীমান্ত সুৰক্ষা বাহিনী, তিনিটা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, দুটা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, দুটা ভাৰত-তিব্বতী সীমান্ত আৰক্ষী, দুটা সশস্ত্ৰ সীমা বল আৰু এটা অসম ৰাইফলছৰ দল। প্ৰতিটো বেটেলিয়নৰ মুঠ শক্তি হ'ল প্ৰায় ১১৪৯ জন।[5] প্ৰতিটো বেটেলিয়ন অভিযন্তা, কাৰিকৰী লোক, ইলেক্ট্ৰিচিয়ান, আৰু চিকিৎসা/পেৰামেডিকেলকে ধৰি ৪৫ জনকৈ কৰ্মীৰ ১৮টা স্বয়ংসম্পূৰ্ণ বিশেষজ্ঞ অনুসন্ধান আৰু উদ্ধাৰ দল প্ৰদান কৰিবলৈ সক্ষম।[6]
মোতায়েন
সম্পাদনা কৰকএনডিআৰএফ বেটেলিয়নসমূহ দেশৰ ১২টা ভিন্ন স্থানত অৱস্থিত; যাতে তেওঁলোকৰ নিয়োগৰ বাবে সঁহাৰিৰ সময় কমাব পৰা যায়। দুৰ্যোগৰ পৰিস্থিতিৰ বাবে প্ৰস্তুতিৰ সময়ছোৱাত এন ডি এম এয়ে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই বাহিনীসমূহৰ সক্ৰিয় নিয়োগ কৰিব লাগিব। এন ডি আৰ এফ বেটেলিয়নৰ অৱস্থিতি তলত দিয়া ধৰণৰ:
ক্ৰমাংক | এন ডি আৰ এফৰ গোট | ৰাজ্য | অৰ্ধসামৰিক বাহিনী |
---|---|---|---|
১ | ১ নং বেটেলিয়ন, এনডিআৰএফ, গুৱাহাটী | অসম | বিএছএফ |
২ | ২ নং বেটেলিয়ন এনডিআৰএফ, নাদিয়া | পশ্চিম বংগ | বিএছএফ |
৩ | ৩ নং বেটেলিয়ন এনডিআৰএফ, কটক | ওড়িশা | চিআইএচএফ |
৪ | ৪ নং বেটেলিয়ন এনডিআৰএফ, ভেলোৰ | তামিলনাডু | চিআইএচএফ |
৫ | ৫ নং বেটেলিয়ন এনডিআৰএফ, পুণে | মহাৰাষ্ট্ৰ | চিআৰপিএফ |
৬ | ৬ নং বেটেলিয়ন এনডিআৰএফ, বৰোদা | গুজৰাট | চিআৰপিএফ |
৭ | ৭ নং বেটেলিয়ন এনডিআৰএফ, ভাটিণ্ডা | পঞ্জাব | আইটিবিপি |
৮ | ৮ নং বেটেলিয়ন এনডিআৰএফ, গাজিয়াবাদ | উত্তৰ প্ৰদেশ | আইটিবিপি |
৯ | ৯ নং বেটেলিয়ন এনডিআৰএফ, পাটনা | বিহাৰ | বিএছএফ |
১০ | ১০ নং বেটেলিয়ন এনডিআৰএফ, বিজয়ৱাড়া | অন্ধ্ৰ প্ৰদেশ | চিআৰপিএফ |
১১ | ১১ নং বেটেলিয়ন এনডিআৰএফ, বাৰানসী | উত্তৰ প্ৰদেশ | এচএচবি |
১২ | ১২ নং বেটেলিয়ন এনডিআৰএফ, ইটানগৰ | অৰুণাচল প্ৰদেশ | এচএচবি |
১৩ | ১৩ নং বেটেলিয়ন এনডিআৰএফ, চাম্বা | জম্মু আৰু কাশ্মীৰ | অসম ৰাইফলচ |
১৪ | ১৪ নং বেটেলিয়ন এনডিআৰএফ, মন্দী | হিমাচল প্ৰদেশ | আইটিবিপি |
১৫ | ১৫ নং বেটেলিয়ন এনডিআৰএফ, হালদৱানী | উত্তৰাখণ্ড | আইটিবিপি |
১৬ | ১৬ নং বেটেলিয়ন এনডিআৰএফ, নাজফগড় | নতুন দিল্লী | বিএছএফ |
চিত্ৰভঁৰাল
সম্পাদনা কৰক-
দাৰ্জিলিঙৰ ভূমিস্খলনৰ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰি থকা অৱস্থাত এন ডি আৰ এফ
-
বেলাৰীত এটা অট্টালিকা ভাঙি পৰাৰ সময়ত এনডিআৰএফৰ প্ৰতিক্ৰিয়া, কৰ্ণাটক, ২০১০
-
গাঁৱৰ ৰাইজক ৰছী উদ্ধাৰ কৌশলৰ প্ৰদৰ্শন
-
বিহাৰত এন ডি আৰ এফৰ দ্বাৰা সম্প্ৰদায়ৰ সামৰ্থ্য বিকাশৰ ফটো
-
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সমুখত জীৱন ৰক্ষাৰ কৌশল প্ৰদৰ্শন
-
পুনে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ (Iiss), The International Institute of Strategic Studies (14 February 2017) (en ভাষাত). The Military Balance 2017. Routledge, Chapman & Hall, Incorporated. ISBN 9781857439007. https://books.google.com/books?id=Vk8-vgAACAAJ&q=IISS+2017.
- ↑ Parliament of India (23 December 2005). "Disaster Management Act, 2005, [23rd December, 2005. NO. 53 OF 2005"]. Ministry of Home. http://mha.nic.in/sites/upload_files/mha/files/pdf/DM_Act2005.pdf। আহৰণ কৰা হৈছে: 30 July 2013.
- ↑ Disaster Management Division (2011). "Disaster Management in India". Ministry of Home Affairs. পৃষ্ঠা: 113. http://ndmindia.nic.in/UNDP-020811.pdf। আহৰণ কৰা হৈছে: 19 July 2013.
- ↑ Disaster Management Division (2011). "Disaster Management in India". Ministry of Home Affairs. পৃষ্ঠাসমূহ: 107–10. http://ndmindia.nic.in/UNDP-020811.pdf। আহৰণ কৰা হৈছে: 19 July 2013.
- ↑ "About Us". Ndrfandcd.gov. http://ndrfandcd.gov.in/CMS/AboutUs.aspx। আহৰণ কৰা হৈছে: 2015-02-24.
- ↑ NDRF. "AboutUs". MHA. http://ndrfandcd.gov.in/CMS/AboutUs.aspx। আহৰণ কৰা হৈছে: 30 June 2015.