ৰেনে ডিকাৰ্ট
ৰেনে ডেকাৰ্ট (ইংৰাজী: Rene Descartes, ৩১ মাৰ্চ, ১৫৯৬ - ১১ ফেব্ৰুৱাৰী ১৬৫০) মধ্যযুগৰ এজন ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু বিজ্ঞানী। তেওঁক আধুনিক দৰ্শনৰ পিতৃ বুলি অভিহিত কৰা হয়। তেখেতে ১৬২০ চনৰ নৱেম্বৰত প্ৰেগৰ পৰা কিছু দূৰত্ব সংগঠিত 'বেলট অব দ্য হোৱাইট মাউণ্টেইন' নামেৰে প্ৰখ্যাত যুদ্ধত অংশ গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ সামৰিক বাহিনী ত্যাগ কৰে আৰু জ্ঞানৰ অন্বেষণত ব্ৰতী হৈ পৰে। তেখেতে সেই সময়ত বিশ্লেষণাত্মক জ্যামিতিৰ ভেটি নিৰ্মাণ কৰিছিল। লেখ কাগজৰ (X) অক্ষ আৰু ৱাই (Y) অক্ষৰ তেওঁই আৰম্ভ কৰিছিল। তাৰ সহায়ত কোনো বিন্দুৰ স্থানাংক বা অৱস্থান উলিওৱাৰ এক পদ্ধতি তেওঁ আবিষ্কাৰ কৰিছিল। তেওঁৰ দাৰ্শনিক মন্তব্য “মই ভাবোঁ, গতিকে মই আছোঁ”-ৰ বাবে তেওঁ জনাজাত।
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সৰ ডেকাৰ্ট (আগৰ নাম লা হায়ে এন টুৰিন) নামৰ ঠাইত ৰেনে ডিকাৰ্টৰ জন্ম হৈছিল। পিতৃ জোৱাচিম আৰু মাতৃ জীন ব্ৰকাডৰ। তেওঁ এবছৰ বয়সতে মাতৃ মৃত্যু হয় তাৰ পাছত অৰ্হতাকে তেওঁৰ দায়িত্ব বহন কৰে।
শিক্ষা
সম্পাদনা কৰক১৬২৯ চনত তেওঁ ফ্ৰানেকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে। তাৰ পাছৰ বছৰৰে তেওঁ সেই বিশ্ববিদ্যালয় এৰি লিভেন বিশ্ববিদ্যালয় পায়গৈ আৰু তাত জেকৰ গলিয়াছৰ অধীনত জ্যোতিবিজ্ঞান পঢ়িবলৈ লয়।
কৰ্মজীৱন
সম্পাদনা কৰকতেওঁ উট্ৰেখত বিশ্ববিদ্যালয়ত প্ৰবক্তাৰ পদত যোগদান কৰে।
সাহিত্যৰাজি
সম্পাদনা কৰকতেখেতে 'অন দ্যা লৰ্ড' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। ১৬৩৭ চনত ডেকাৰ্টে 'অন দ্যা লৰ্ড' নামৰ গ্ৰন্থখনৰে তিনিটা অংশ: 'দ্য মেটিয়াৰ্ছ', 'জ্যামিতি আৰু ডিছকৰ্ছ অন দ্য মেঠড' পৃথকভাৱে প্ৰকাশ কৰে। ছুইডেনৰ ৰাণী ক্ৰিষ্টিনা হেঁচাঁতে ডেকাৰ্টেই 'পেছনছ অব দ্য ছউল' নামৰ গ্ৰন্থখন সম্পূৰ্ণ কৰিছিল। তেওঁ নিজাববীয়াকৈ প্ৰতিফলনৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল আৰু ডেকাৰ্টেৰ 'এছে অন অপৰ্তিকাছ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এই সম্পৰ্কত প্ৰথম প্ৰকাশিত গ্ৰন্থ।
মৃত্যু
সম্পাদনা কৰক১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্ডেমোনিয়াত ভুগি মৃত্যু হয়।
তথ্য্যসূত্ৰ
সম্পাদনা কৰক- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা: অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে' ২০১৭, পৃষ্ঠা: ২৭-৩১