অজামিল (সংস্কৃত: अजामिल) ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰ।[1] ভগৱন্তৰ স্বৰ্গীয় নাম জপৰ জৰিয়তে আনকি পাপীৰো পাপ সংঘটন কৰাৰ প্ৰৱণতাৰ পৰা যে মুক্তি পোৱাৰ আশা থাকে, সেই ব্যাখ্যা আগবঢ়াবলৈ অজামিলৰ আখ্যানটো হিন্দু ধৰ্মত ব্যৱহৃত হৈ আহিছে।[2] শ্ৰীমন্ত শংকৰদেৱে পুৰাণৰ এই কাহিনীৰ আধাৰত অজামিল উপাখ্যান নামৰ গ্ৰন্থ ৰচনা কৰিছিল।[3]

(বাওঁফালে থকা) বিষ্ণুদূতসকলে অজামিলৰ আত্মাক (সোঁফালে থকা) যমদূতৰ পৰা ৰক্ষা কৰি থকা অৱস্থাত

অজামিল নৈষ্ঠিক বৈদিক নীতি-নিয়মৰ মাজেৰে ডাঙৰ-দীঘল হৈছিল। তেওঁ এগৰাকী সু-প্ৰশিক্ষিত ব্ৰাহ্মণ আছিল আৰু তেওঁৰ এগৰাকী সুন্দৰী ভাৰ্যা আছিল।

কিন্তু এদিনাখন অজামিল ভগৱানক উপাসনা কৰিবৰ বাবে পথাৰৰ পৰা ফুল সংগ্ৰহ কৰিবলৈ যাওঁতে এজন মদমত্ত ব্যক্তি আৰু এগৰাকী বেশ্যা যৌন আৱেশনত লিপ্ত অৱস্থাত দেখা পালে। অজামিল বিস্মিত আৰু আকৰ্ষিত হৈ পৰিল, তেওঁৰ মন আৰু বেছিকৈ বেশ্যাগৰাকীৰ ফালে নিৱদ্ধ হ'বলৈ ধৰিলে। অজামিল এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ আছিল, আৰু এইদৰে পাকচক্ৰত তেওঁ এগৰাকী অচিন পুৰুষ আৰু অচিনাকি মহিলাৰ যৌনক্ৰিয়াৰ দৃশ্য দেখা পাই নিঃসহায়ভাৱে তাৰ সৈতে সাঙোৰ খাই পৰিল। ইয়াৰ ফলক্ৰমেই তেওঁ সেই ব্বেশ্যাগৰাকীক নিজৰ গৃহলৈ লিগিৰী হিচাপে লৈ গ'ল। ইয়াৰ অৱশ্যম্ভাৱী ফল হিচাপে তেওঁ ইমানেই আৱদ্ধ হৈ পৰিল যে নিজৰ পৰিয়াল-পৰিজন, পত্নী আৰু সন্তানৰ সংগ ত্যাগ কৰি বেশ্যাগৰাকীৰ সৈতে আতঁৰি গুছি গ'ল। বেশ্যাৰ সৈতে তেওঁৰ এই নিয়ম বহিৰ্ভূত সম্পৰ্কৰ ফলশ্ৰুতিত অজামিলে সকলো সু-গুণ হেৰুৱাই পেলালে। তেওঁ সম্পূৰ্ণভাৱে নিজৰ মূল্যবোধ পাহৰি পাপৰ জীৱনত আৱদ্ধ হৈ পৰিল।

অৱলীলাক্ৰমেই, অজামিলৰ সেই পূৰ্ব-বেশ্যাগৰাকীৰ সৈতে সন্তান জন্ম হ'ল, আৰু সন্তান আৰু মাতৃৰ প্ৰতি দায়-দায়িত্ব পালন কৰোঁতে কৰোঁতে ভগৱন্তৰ সেৱাৰ প্ৰতি পিঠি পৰিল। কিন্তু নিজৰ অতীতত নৈতিক মূল্যবোধ আৰু ভগৱন্তৰ প্ৰতি থকা ভক্তিভাৱৰ বাবে অজামিলে তেওঁৰ আত্মাক লৈ যাবৰ বাবে যমদূতৰ আগমন দেখা পাইছিল। হিন্দুধৰমৰ বিশ্বাস অনুসৰি যমদূতসকল হৈছে মৃত্যুৰ দেৱতা যমৰ ভৃত্য। অজামিল সাংসাৰিক কৰ্মকাণ্ডত ইমান নিমজ্জিত হৈ পৰিছিল যে, নিজৰ মৰণ শয্যাতো তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে নিজৰ পুত্ৰ নাৰায়ণহে মাতিছিল। হিন্দুধৰ্মত ভগৱান কৃষ্ণৰ আন এক নাম হৈছে নাৰায়ণ। অজামিলে নাৰায়ণক মতা শুনি ভগৱানে ততালিকে দেখা দি অজামিলৰ জীৱনৰ পাপসমূহ পখালি তেওঁক তেওঁৰ সৈতে লৈ গ'ল। অজামিলে যদিও তেওঁৰ জীৱন ভগৱন্তৰ উপাসনাত সমৰ্পণ কৰা নাছিল, তথাপিও শেষ মুহূৰ্তত শ্ৰীকৃষ্ণৰ পৱিত্ৰ নাম নাৰায়ণ স্মৰণ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সমস্ত পাপ ধুই বিশুদ্ধ হৈ পৰিল।[4]

এই আখ্যানটোয়ে এই নিশ্চয়তা প্ৰদান কৰে যে, ঈশ্বৰে মানুহৰ আহ্বানলৈ অপেক্ষা কৰে। বিপদগ্ৰস্ত মানুহৰ মাত্ৰ এষাৰ নিৰ্দোষ আহ্বানতেই ভগৱানে সহায়ৰ হাত আগবঢ়ায়।[5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "শ্ৰীমদ্ভাগৱত, ষষ্ঠ কাণ্ড". vedabase.net. Archived from the original on 2021-08-16. https://web.archive.org/web/20210816074307/http://vedabase.net/sb/6/en। আহৰণ কৰা হৈছে: 2019-11-28. 
  2. "তাৰকা মন্ত্ৰ" (en-IN ভাষাত). The Hindu. 2016-05-04. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/religion/faith-taraka-mantra/article8557118.ece. 
  3. পূৰ্ণানন্দ ভূঞা (২০২১). শংকৰী সংস্কৃতিৰ আভাস. 
  4. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 64. https://archive.org/details/indiathroughages00mada. 
  5. "Potency of Lord’ s names" (en-IN ভাষাত). The Hindu. 2009-11-24. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/religion/Potency-of-Lordrsquos-names/article16894016.ece. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক