আৰুচি নিশাংক
এই প্ৰবন্ধটো আৰুচি নাশিক নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
আৰুশি নিশাংক পণ্ট (ইংৰাজী: Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷[1][2][3]
আৰুচি নিশাংক Arushi Nishank | |
---|---|
জন্ম | আৰুচি পোখৰিয়াল ১৭ ছেপ্টেম্বৰ, ১৯৮৬ (৩৮ বছৰ) কটদ্বাৰা, উত্তৰাখণ্ড, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক কেমব্ৰিজ পিজিডিএম |
পেচা | ভাৰতীয় লোক নৃত্যশিল্পী |
সক্ৰিয় হৈ থকা সময় | ২০০০-বৰ্তমান |
দাম্পত্যসঙ্গী | অভিনৱ পণ্ট (বি. ২০১৫) |
কৰ্মজীৱন
সম্পাদনা কৰকআৰুচি নিশাংক বিৰজু মহাৰাজৰ শিষ্যা৷[4] তেখেতে গংগা আৱৰ্তনৰ দৰে কিছুমান নৃত্যৰ পৰিচালনা আৰু পৰিৱেশন কৰিছে৷ যিবিধ নৃত্যত হিন্দু ধৰ্মীয় দেৱী গংগা পৃথিৱীলৈ নামি অহাৰ কাহিনী অংকিত হৈছে৷ [5] ২০১৭ চনত তেখেতে উত্তৰাখণ্ড বঁটা অৰ্জন কৰি গৌৰৱৰ পাত্ৰী হয়৷[6] তেখেত কেম্ব্ৰিজ এছেছমেণ্ট ইণ্টাৰনেশ্যনেল ইডুকেছন শীৰ্ষক প্ৰতিষ্ঠানৰ পৰা ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰিবলৈ সমৰ্থৱান হৈছে৷ আৰুচি নিশাংক উত্তৰাখণ্ডৰ দেৰাদুনত থকা হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷ [3]
২০১৮ চনত নিশাংকে মেজৰ নিৰলা শীৰ্ষক আঞ্চলিক ছবিখন প্ৰযোজনা কৰে৷ তেখেতৰ পিতৃ ৰমেশ পোখৰিয়ালে ৰচনা কৰা উপন্যাসৰ আধাৰত এইখন ছবি নিৰ্মাণ কৰা হৈছে৷[7][8]
সামাজিক কৰ্ম
সম্পাদনা কৰকআৰুচি নিশাংক স্পৰ্শ গংগা অভিযানৰ এগৰাকী প্ৰচাৰকৰ্মী৷ এই অভিযানটো তেখেতৰ পিতৃয়ে ২০০৯ চনত আৰম্ভ কৰিছিল৷ গংগা নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰিৱেশ সম্পৰ্কীয় সতৰ্কতা আৰু সজাগতা হৈছে এইটো অভিযানৰ অন্যতম উদ্দেশ্য৷ [9][10]২০১৮ চনত ডুবাইত আৰু ২০১৯ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সৱলীকৰণ কাৰ্যসূচীৰো তেখেত অধ্যক্ষতা কৰে৷ [11]
২০২০ চনত ক'ভিড-১৯ৰ মহামাৰীৰ সময়ত আৰুচি নিশাংকে খাদী কাপোৰেৰে মাস্ক তৈয়াৰ কৰাৰ এটি অভিনৱ অভিযান আৰম্ভ কৰে৷ এই অভিযানটো তেখেতে স্পৰ্শ গংগাৰ অধীনতেই পাতনি মেলিছিল৷ তেখেতে গ্ৰাম্য এলেকাৰ মহিলাসকলৰ মাজলৈ গৈ তেওঁলোকক খাদী মাস্ক তৈয়াৰ কৰোৱাৰ কামত জড়িত কৰে৷ এইসমূহ মাস্ক পুনৰ ব্যৱহাৰৰো যোগ্য৷ তৈয়াৰ হোৱা মাস্কসমূহ মহিলাসকলে পৰৱৰ্তী সময়ত কৰ্তব্যৰত আৰু ক'ভিড-১৯ৰ সেৱাত নিয়োজিত প্ৰতিৰক্ষা বাহিনী, প্ৰথমশাৰীৰ স্বাস্থ্য কৰ্মী, বনুৱাসকলক প্ৰদান কৰে৷ তেখেতৰ নেতৃত্বত গঠিত হোৱা দলটোৱে দিল্লী, মুম্বাই আৰু হৰিদ্বাৰত প্ৰায় চল্লিছ হেজাৰতকৈও অধিকসংখ্যক মাস্ক বিতৰণ কৰে৷ [12]
ব্যক্তিগত জীৱন
সম্পাদনা কৰককুসুম কান্ত পোখৰিয়াল আৰু ৰমেশ পোখৰিয়ালৰ জ্যেষ্ঠা কন্যা হৈছে আৰুচি নিশাংক৷ উল্লেখনীয় যে, ৰমেশ পোখৰিয়ালে ভাৰতৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ লগতে তেখেত উত্তৰাখণ্ডৰো প্ৰাক্তন মুখ্য মন্ত্ৰী আছিল৷[13][14]ৰাজস্থানৰ এখনি আৱাসিক মহাবিদ্যালয় বনস্থলী বিদ্যাপীঠৰ পৰা আৰুচিয়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ [12] ২০১৫ চনৰ ২৪ জানুৱাৰীত আৰুচি নিশাংকে অভিনৱ পণ্টৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলে৷[15]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "भारत की एनवायरमेंट एक्टिविस्ट आरुषि निशंक को शिकागो में मिला 'टॉप 20 ग्लोबल वूमेन अवॉर्ड'". Amar Ujala. 3 March 2020. https://www.amarujala.com/dehradun/india-environmental-activist-aarushi-nishank-receives-top-20-global-women-award। আহৰণ কৰা হৈছে: 27 March 2020.
- ↑ Kuriakose, Simi (30 October 2019). "'Women should lend a helping hand to each other'" (en ভাষাত). India Today. https://www.indiatoday.in/mail-today/story/-women-should-lend-a-helping-hand-to-each-other-1614036-2019-10-30। আহৰণ কৰা হৈছে: 27 March 2020.
- ↑ 3.0 3.1 "Houston Tamil Studies Chair honors Arushi Nishank Pant, educational and environmental activist". india-herald.com. https://india-herald.com/houston-tamil-studies-chair-honors-arushi-nishank-pant-educational-and-env-p7396-65.htm। আহৰণ কৰা হৈছে: 27 June 2020.
- ↑ Kuriakose, Simi (30 October 2019). "'Women should lend a helping hand to each other'" (en ভাষাত). India Today. https://www.indiatoday.in/mail-today/story/-women-should-lend-a-helping-hand-to-each-other-1614036-2019-10-30.
- ↑ "The Dance of Mother Ganga: Pujya Swamiji and Dignitaries, Including Shri Anna Hazare, come together to enjoy an unforgettable performance". Gangaaction.org. http://www.gangaaction.org/the-dance-of-mother-ganga-pujya-swamiji-and-dignitaries-come-together-to-enjoy-an-unforgettable-performance/। আহৰণ কৰা হৈছে: 7 July 2017.
- ↑ "Himani Shivpuri, Dobhal get Pride of Uttarakhand award". Tribuneindia.com. 1 December 2016. http://www.tribuneindia.com/news/uttarakhand/himani-shivpuri-dobhal-get-pride-of-uttarakhand-award/330533.html। আহৰণ কৰা হৈছে: 7 July 2017.
- ↑ "उत्तराखंडी फिल्म ‘मेजर निराला’ का प्रोमो दिल्ली में रिलीज, भाजपा सांसद ने लिखी है पूरी कहानी" (Hindi ভাষাত). Amar Ujala. https://www.amarujala.com/dehradun/uttarakhand-movie-major-nirala-promo-released-in-delhi। আহৰণ কৰা হৈছে: 26 June 2020.
- ↑ "केंद्रीय मंत्री रमेश पोखरियाल 'निशंक' की बेटी ने खादी के मास्क बनाकर बांटें, पिता ने ट्वीट कर जताया गर्व". Zee Uttar Pradesh Uttarakhand. 10 April 2020. https://zeenews.india.com/hindi/india/up-uttarakhand/amid-coronavirus-crisis-union-minister-ramesh-pokhriyal-nishank-daughter-arushi-nishank-distributed-hand-made-khadi-mask-father-expresses-pride-on-her/665793। আহৰণ কৰা হৈছে: 13 October 2020.
- ↑ "‘Father influenced me to strive for more’". The Sunday Guardian Live. 14 March 2020. https://www.sundayguardianlive.com/culture/father-influenced-strive.
- ↑ "मानव जीवन बचाने के लिए पेड़ लगाना है जरूरी: आरुषि". Hindustan. https://www.livehindustan.com/uttarakhand/roorki/story-need-to-plant-trees-to-save-human-life-arushi-2057783.html। আহৰণ কৰা হৈছে: 17 March 2020.
- ↑ Post, Garhwal. "Arushi Nishank hosts India Chapter of IWES-2019 | Garhwal Post" (en-US ভাষাত). https://garhwalpost.in/arushi-nishank-hosts-india-chapter-of-iwes-2019/। আহৰণ কৰা হৈছে: 27 June 2020.
- ↑ 12.0 12.1 "Meet the environmentalist and dancer who is providing khadi masks to armed personnel Read more at: https://yourstory.com/socialstory/2020/05/environmentalist-dancer-khadi-masks-coronavirus-army". https://yourstory.com/socialstory/2020/05/environmentalist-dancer-khadi-masks-coronavirus-army। আহৰণ কৰা হৈছে: 3 February 2021.
- ↑ "The Tribune, Chandigarh, India - Dehradun Edition". The Tribune. 12 November 2012. https://www.tribuneindia.com/2012/20121112/dun.htm। আহৰণ কৰা হৈছে: 26 March 2020.
- ↑ "कमाल की डांसर हैं HRD मंत्री निशंक की बेटी, इनकी फिल्म जीत चुकी है अवॉर्ड". News18 India. 1 January 1970. https://hindi.news18.com/news/entertainment/bollywood-hrd-minister-ramesh-pokhriyal-nishank-daughter-arushi-nishank-life-story-2643787.html। আহৰণ কৰা হৈছে: 26 March 2020.
- ↑ "V-DAY : निशंक की बेटी ने की मां की आखिरी इच्छा पूरी, सहेली के बेटे से शादी". News18 India. 1 January 1970. https://hindi.news18.com/news/uttarakhand/v-day-mothers-last-wish-to-exhibit-daughter-married-friends-son-695903.html। আহৰণ কৰা হৈছে: 26 March 2020.