ঘ
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ ঘ চাওক।
ঘ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঘ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঘ'ক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঘ'-ক এনেদৰে লিখা যায়।[2]
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ঘ'ৰ লগত যোগ হ'লে |
---|---|
অ | ঘ |
আ | ঘা |
ই | ঘি |
ঈ | ঘী |
উ | ঘু |
ঊ | ঘূ |
ঋ | ঘৃ |
এ | ঘে |
ঐ | ঘৈ |
ও | ঘো |
ঔ | ঘৌ |
যুক্তবৰ্ণ (ক যোগ)
সম্পাদনা কৰকঘ্ + ন = ঘ্ন = কৃতঘ্ন
ঘ্ + য = ঘ্য = অশ্লাঘ্য
ঘ্ + ৰ = ঘ্ৰ = ব্যাঘ্ৰ
'ঘ'ৰে আৰম্ভ শব্দ
সম্পাদনা কৰক- ঘৰ
- ঘৰচিৰিকা
- ঘটনা
- ঘূণাসুতি
- ঘাঁহ
- ঘাম
- ঘোষণা
- ঘাই
- ঘড়ী
- ঘোঁৰা আদি
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013