ত্ৰিপুৰা ৰাজ্য বা হিল তিপ্পেৰা [1] (ইংৰাজী: Tripura state) ব্ৰিটিছ ভাৰতৰ আৰু ব্ৰিটিছৰ বিদায়ৰ পিছতো প্ৰায় দুবছৰ অস্তিত্ব থকা ভাৰতৰ এখন দেশীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল মাণিক্য বংশৰ আছিল আৰু ১৯৪৭ চনৰ আগষ্ট মাহলৈকে ৰাজ্যখন ব্ৰিটিছৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ আছিল, যাৰ পৰা ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ৰ দ্বাৰা মুকলি কৰি দিয়া হয়। ১৯৪৯ চনৰ অক্টোবৰত ত্ৰিপুৰাই ভাৰতীয় সংঘত চামিল হয়। [2]

ত্ৰিপুৰা ৰাজ্য
১৮০৯–১৯৪৯
Flag of ত্ৰিপুৰা
Flag
Coat of arms of ত্ৰিপুৰা
Coat of arms
১৮৫৮ চনৰ বেংগল প্ৰেচিডেঞ্চি আৰু ‘স্বাধীন তিপেৰা’ৰ মানচিত্ৰ (একেবাৰে সোঁফালে)
১৮৫৮ চনৰ বেংগল প্ৰেচিডেঞ্চি আৰু
‘স্বাধীন তিপেৰা’ৰ মানচিত্ৰ (একেবাৰে সোঁফালে)
Capitalআগৰতলা
History 
১৮০৯
১৩ আগষ্ট ১৯৪৭
১৫ অক্টোবৰ ১৯৪৯
Area
194110,660 বৰ্গ কি.মি. (4,120 বৰ্গ মাইল)
Population
• 1941
5,13,000
পূৰ্ববৰ্তী
পৰৱৰ্তী
Twipra  Kingdom
Dominion of India
বেংগল গেজেটিয়াৰত ‘হিল তিপ্পেৰা’, ১৯০৭
উজ্জয়ন্ত প্ৰাসাদ।
নীৰমহল প্ৰাসাদ।
ৰাণী মনমোহিনীৰ সৈতে মহাৰাজ বীৰ চন্দ্ৰ মাণিক্য

এই দেশীয় ৰাজ্যখনৰ পৰা স্বাধীনতা-উত্তৰ ভাৰতৰ এখন অংগৰাজ্য ত্ৰিপুৰা গঠন কৰা হয়। দেশীয় ৰাজ্যখনত আগৰতলা নামৰ এখন চহৰৰ লগতে মুঠ ১৪৬৩খন গাঁও অন্তৰ্ভুক্ত হৈ হৈছিল। ইয়াৰ আয়তন আছিল ১০,৬৬০ কিলোমিটাৰ আৰু ১৯৪১ চনত ইয়াৰ জনসংখ্যা আছিল ৫১৩,০০০ জন।

পূৰ্বৰ ত্ৰিপুৰা ৰাজ্য প্ৰায় ১০০ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হয়। কিংবদন্তি অনুসৰি মাণিক্য বংশৰ নামটো এটা মণি বা ৰত্নৰ পৰা আহিছিল, যিটো মণি এটা ভেকুলীৰ পৰা লাভ কৰিছিল। মাণিক্য ৰাজকীয় উপাধিৰে ৰাজ্যখন শাসন কৰা প্ৰথমজন ৰজা আছিল ১৪০০ চনত সিংহাসনত আৰোহণ কৰা মহাৰাজ মহা মাণিক্য। “মিং শিলু”ত এই ৰাজ্যৰ নাম “ডি-উ-লা” বুলি উল্লেখ আছে। লগতে উল্লেখ আছে যে ইয়াক উত্তৰ ম্যানমাৰ বা অসমৰ কোনো অজ্ঞাত ৰাজ্য “ডা-গু-লা”ই দখল কৰিছিল। [3] পঞ্চদশ শতিকাত প্ৰথম ধৰ্ম মাণিক্যৰ পৃষ্ঠপোষকতাত বাংলা পদ্যত ত্ৰিপুৰাৰ ৰজাসকলৰ বুৰঞ্জী “ৰাজমালা” ৰচিত হয়। [4] ত্ৰিপুৰা ৰাজ্যই ষোড়শ শতিকাত সৰ্বোচ্চ বিস্তাৰ লাভ কৰে। [5]

১৭৬৪ চনত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ আনে, তেতিয়া বংগৰ যিবোৰ অংশ মোগল সাম্ৰাজ্যৰ অধীনত আছিল, সেইবোৰ ব্ৰিটিছ প্ৰশাসনে দখল কৰি লয়। ১৮০৯ চনত ত্ৰিপুৰা ব্ৰিটিছৰ ৰক্ষিত ৰাজ্যত পৰিণত হয় আৰু ১৮৩৮ চনত ত্ৰিপুৰাৰ ৰজাসকলক ব্ৰিটিছে সাৰ্বভৌম হিচাপে স্বীকৃতি দিয়ে।

ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰতিটো উত্তৰাধিকাৰৰ সময়ত অশান্তিৰ সৃষ্টি হৈছিল, যেতিয়া উচ্চাকাংক্ষী ৰাজকুমাৰসকলে খেলিমেলি সৃষ্টি কৰিবলৈ প্ৰায়ে কুকিসকলৰ সহায় লৈছিল। সেয়েহে ১৯০৪ চনত ব্ৰিটিছে এনে এখন চনদ প্ৰণয়ন কৰে আৰু তেনেকৈয়ে ৰাজপৰিয়ালৰ উত্তৰাধিকাৰ বিষয়টো স্থায়ীভাৱে নিয়ন্ত্ৰিত হয়। তাৰ পিছৰে পৰা এই উত্তৰাধিকাৰিত্বক ব্ৰিটিছ মুকুটক প্ৰতিনিধিত্ব কৰা ভাৰতৰ ভাইচৰয়ে স্বীকৃতি দিয়াৰ ব্যৱস্থা বাহাল হ’ল।

বীৰ চন্দ্ৰ মাণিক্যই (১৮৬২–১৮৯৬) ব্ৰিটিছ ভাৰতৰ অনুকৰণত নিজৰ প্ৰশাসনৰ আৰ্হি তৈয়াৰ কৰে আৰু আগৰতলা পৌৰ নিগম প্ৰতিষ্ঠাকে ধৰি বিভিন্ন সংস্কাৰ কাৰ্য হাতত লয়।

১৯০৫ চনত ত্ৰিপুৰা নতুনকৈ গঠিত প্ৰদেশ- পূৰ্ববংগ আৰু অসমৰ অংশ হৈ পৰে আৰু ইয়াক 'হিল তিপ্পেৰা' হিচাপে চিহ্নিত কৰা হয়। [6] হিল তিপ্পেৰাৰ উপৰিও ত্ৰিপুৰী ৰজাসকলৰ অধীনত চকলা ৰৌচনবাদ নামেৰে ১৪৭৬ বৰ্গকিলোমিটাৰ ক্ষেত্ৰফলৰ এটা উৰ্বৰ অঞ্চলো আছিল, যি নোৱাখালি, চিলেট আৰু তিপ্পেৰাৰ জিলাত অৱস্থিত আছিল আৰু পিছলৈ বাংলাদেশৰ কুমিল্লা জিলাৰ অন্তৰ্ভূক্ত হৈছিল। [7]

ভাৰতৰ স্বাধীনতাৰ কিছু দিনৰ পূৰ্বে ১৯৪৭ চনৰ মে’ মাহত ৰজা বীৰ বিক্ৰম কিশোৰ দেবৰ্মাৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ কিৰিট বিক্ৰম কিশোৰ সেই সময়ত নাবালক আছিল আৰু সেয়েহে মহাৰাণী কাঞ্চন প্ৰভা দেৱীয়ে ৰাজ্যখন শাসন কৰিবলৈ গঠন কৰা কাউঞ্চিল অফ ৰিজেঞ্চিৰ সভাপতিত্ব কৰিছিল। ১৯৪৭ চনৰ ১৩ আগষ্টত মহাৰাণীয়ে ভাৰতীয় সংঘত যোগদান কৰিবলৈ ইনষ্ট্ৰুমেণ্ট অফ একচেচনত স্বাক্ষৰ কৰে। তাৰ পিছৰ মাহকেইটাত ৰাজ্যখনত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে প্ৰশাসনিক গাঁথনিত ক্ষীপ্ৰতাৰে কেইবাটাও পৰিৱৰ্তন ঘটে। অৱশেষত ১৯৪৯ চনৰ ৯ ছেপ্টেম্বৰত মহাৰাণীয়ে ভাৰতীয় অধিৰাজ্যৰ সৈতে একত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰে আৰু ১৫ অক্টোবৰৰ পৰা ই কাৰ্যকৰী হয়। ত্ৰিপুৰা ভাৰতৰ কেন্দ্ৰীয় শাসিত Part-C ৰাজ্যত (মুখ্য আয়ুক্ত প্ৰদেশ) পৰিণত হয়। [2][8]

কিৰিত প্ৰদ্যোৎ দেৱ বৰ্মন (জন্ম ১৯৭৮) আছিল শেষৰজন ৰজাৰ পুত্ৰ - আৰু বৰ্তমানৰ নামমাত্ৰ (titular) ৰজা।

  1. "Tripura". http://www.hubert-herald.nl/BhaTripura.htm. 
  2. 2.0 2.1 Nag, Sajal (2007), Making of the Indian Union: Merger of princely states and excluded areas, Akansha Pub. House, p. 321, ISBN 978-81-8370-110-5, https://books.google.com/books?id=w3UMAQAAMAAJ 
  3. "The MSL records that the territory of this polity was in the early 15th century occupied by Da Gu-la (Tai-zong 269.3a-b), which suggests an area near Assam, There seems little doubt that it refers to Tripura, which lies south of the Brahmaputra and north of Bengal"(Wade 1994:253)
  4. Hill Tippera – History The Imperial Gazetteer of India, 1909, v. 13, p. 118.
  5. "HISTORY OF NORTH EAST INDIA (1228 TO 1947)". Vikas publishing house. https://rgu.ac.in/wp-content/uploads/2021/02/Download_629.pdf. "In the 16th century, there was sudden expansion of the kingdom under." 
  6. Chisholm, Hugh, ed. (1911). "Hill Tippera". Encyclopædia Britannica. 13 (11th ed.). Cambridge University Press. p. 469. 
  7. "Survey and settlement of the Roshanbad estate in the districts of Tippera and Noakhali, 1892-99". https://indianculture.gov.in/survey-and-settlement-roshanbad-estate-districts-tippera-and-noakhali-1892-99. 
  8. Das, J. K. (2001), Human Rights and Indigenous Peoples, APH Publishing, pp. 224–225, ISBN 978-81-7648-243-1, https://books.google.com/books?id=KCknz_lXYCEC&pg=PA224 

তথ্যসূত্ৰ

সম্পাদনা কৰক
  • Wade, Geoffrey (1994), The Ming Shi-lu (Veritable Records of the Ming Dynasty) as a Source for Southeast Asian History — 14th to 17th Centuries, প্ৰকাশক Hong Kong 

বাহ্যিক সংযোগ

সম্পাদনা কৰক