ফকিৰ মোহন সেনাপতি
ফকিৰ মোহন সেনাপতি (ওড়িয়া : ଫକୀର ମୋହନ ସେନାପତି; ১৩ জানুৱাৰী ১৮৪৩ – ১৪ জুন ১৯১৮), আছিল উৎকল ব্যাস কবি (ওড়িশাৰ বেদব্যাস) নামেৰে উল্লেখযোগ্য এজন ভাৰতীয় সাহিত্যিক, কবি, দাৰ্শনিক আৰু সমাজ সংস্কাৰক। মূলতঃ ভাৰতৰ ওড়িশা ৰাজ্যত কথিত ভাষা ওড়িয়া ভাষাৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাত তেওঁৰ সহায় আছিল। ফকিৰমোহন সেনাপতীক ওড়িয়া জাতীয়তাবাদ আৰু আধুনিক ওড়িয়া সাহিত্যৰ পিতৃ হিচাপে গণ্য কৰা হয়।
ফকিৰ মোহন সেনাপতি | |
---|---|
১৯৯৩ চনৰ ডাকটিকটত ফকিৰ মোহন সেনাপতি | |
জন্ম | ১৩ জানুৱাৰী, ১৮৪৩ মল্লিকাশপুৰ, বালেশ্বৰ, বেঙ্গল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমানওড়িশা, ভাৰত) |
মৃত্যু | ১৪ জুন, ১৯১৮ (৭৫ বছৰ) বালেশ্বৰ, বেঙ্গল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমানওড়িশা, ভাৰত) |
পেচা | ঔপন্যাসিক, গল্পকাৰ, কবি, দাৰ্শনিক আৰু সমাজ সংস্কাৰক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | ৰেৱতী ছ মাণ আঠ গুণ্ঠ উৎকল ভ্ৰমণম আত্ম জীৱন চৰিত |
স্বাক্ষৰ |
বাল্যকাল
সম্পাদনা কৰকফকিৰ মোহন সেনাপতিৰ জন্ম হৈছিল খন্দায়তৰ লক্ষ্মণ চৰণ সেনপতি আৰু তুলসী দেৱী সেনপতিৰ মধ্যবিত্তীয় পৰিয়ালত।[1] ডেৰ বছৰ বয়সত দেউতাকৰ মৃত্যু হয়। চৈধ্য মাহৰ পাছত মাকৰো মৃত্যু হয়। পৈতৃক আইতাকে তেওঁক সৰুৰে পৰা চোৱা-চিতা কৰিছিল।
পাৰিবাৰিক জীৱন
সম্পাদনা কৰকমাত্ৰ ১৩ বছৰ বয়সতে ১৮৫৬ চনত লীলাৱতী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু ২৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ১৮৭১ চনৰ গ্ৰীষ্মকালত তেওঁ কৃষ্ণ কুমাৰী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৮৯৪ চনত তেওঁ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যায়।
সাহিত্য জীৱন
সম্পাদনা কৰকতেওঁৰ উল্লেখযোগ্য সাহিত্য কৃতি সমূহ হ'ল: ৰেৱতী, ছ মাণ আঠ গুণ্ঠ [2], উৎকল ভ্ৰমণম, আত্ম জীৱন চৰিত [3] আদি।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Fakir Mohan Senapati; Rabi Shankar Mishra (5 December 2005). Six Acres and a Third: The Classic Nineteenth-Century Novel about Colonial India. University of California Press. ISBN 978-0-520-22883-2. https://books.google.com/books?id=8NhN-0g7unYC.
- ↑ "Daka Munshi Odia Story". https://orissatimes.net/daka-munshi-odia-story/.
- ↑ "Fakir Mohan Senapati biography, books, personal life, Odia literature". https://incredibleorissa.com/fakir-mohan-senapati/.