১০ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৫ |
১০ আগষ্ট (ইংৰাজী: 10 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২২তম (অধিবৰ্ষত ২২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৯৩ - ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল।
- ১৯৭৭ - আছফ হ’লৰ দ্বাৰা মংগল গ্ৰহৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল।
- ১৯৭৯ - ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।
জন্ম
সম্পাদনা কৰক- ১৭৮২ - চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল।
- ১৮১৪ - হেনৰী নেষ্টলেই, জাৰ্মনী আৰু চুইজাৰলেণ্ডৰ উদ্য়োগপতি, বিশ্বৰ বৃহৎ খাদ্য় আৰু পানীয় কোম্পানী নেষ্টলেইৰ (Nestle) প্ৰতিষ্ঠাতা।
- ১৮৬০ - বিষ্ণু নাৰায়ণ ভাটখাণ্ডে, ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা।
- ১৮৭০ - আৰ্নেষ্ট ৰাডাৰফোৰ্ড, ইংৰাজ পদাৰ্থ বিজ্ঞানী। তেওঁ ১৯০৮ চনত ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
- ১৮৯৪ - বৰাহগিৰি বেংকটগিৰি, ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি।
- ১৯৩৮ - ফটেহ সিং ৰাথোড়, প্ৰকৃতিবিদ।
- ১৯৬০ - এণ্টনিঅ' বেণ্ডেৰাছ, স্পেইনৰ অভিনেতা আৰু গায়ক।
- ১৯৬৩ - ফুলন দেৱী, ভাৰতীয় লোকসভাৰ সাংসদ; একালৰ দস্যু ৰাণী।
- ১৯৯৭ - কাইলী জেনাৰ, আমেৰিকাৰ জনপ্ৰিয় মডেল আৰু ব্য়ৱসায়ী।
- ১৯৯২ - ভমিদিপতি সাই প্ৰনীত, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৮৯৬ - অটো লিলিয়ানথল, জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে 'ফ্লাইংমেন' হিচাপে বিখ্যাত।
- ১৯১৫ - হেনৰী ম'জলি, ইংৰাজ পদাৰ্থ বিজ্ঞানী, আনৱিক সংখ্য়াৰ বাবে বিখ্য়াত।
- ১৯৪৫ - বাৰ্ট হাচিংছ গ'ডাৰ্ড, আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়।
- ১৯৮২ - তচদ্দুক ইউছুফ, অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চ অভিনেতা।
- ১৯৯৫ - হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
- ২০০২ - ইউগেন অ'ডাম, জীৱবিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানী।
- ২০১০ - অতুল বৰদলৈ, প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ-সম্পাদক।
দিৱস
সম্পাদনা কৰক- আন্তৰ্জাতিক জৈৱডিজেল দিৱস।
- স্বাধীনতা দিৱস (ইকুৱেডৰ)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১০ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2023-04-08 at the Wayback Machine