১৪ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৫ |
১৪ আগষ্ট (ইংৰাজী: 14 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৬তম (অধিবৰ্ষত ২২৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৩২ - লাপছি চুক্তি অনুসৰি বৰ অসমৰ ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়।
- ১৮৬২ - বোম্বাই উচ্চ ন্যায়ালয় মুকলি হয়।
- ১৮৯৩ - পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ হয়।
- ১৯৪১ - চাৰ্চিল আৰু ৰুজভেল্টৰ দ্বাৰা ‘‘আটলান্তিক চুক্তি’’ স্বাক্ষৰিত হৈছিল।
- ১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় মহাযুদ্ধৰ অৱসান ঘটে।
- ১৯৪৭ - ভাৰত বিভাজনৰ প্ৰস্তাৱ গৃহীত হয় আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰৰূপে পাকিস্তানৰ জন্ম হয়। সেয়ে এই দিনটো পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
- ১৯৫৬ - কেৰালাৰ মালায়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা আৰু শ্ৰেষ্ঠ গ্ৰন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য গঠন হয়।
- ১৯৮৮ - মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয়।
- ১৯৮৯ - ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে অৱস্থিত অসমৰ ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।
জন্ম
সম্পাদনা কৰক- ১৭৭৭ - হান্স খ্ৰীষ্টিয়ান অৰ্ষ্টেড, এলুমিনিয়াম আৰু বিদ্যুত চুম্বকত্বৰ আৱিষ্কাৰক।
- ১৯২৩ - কুলদীপ নায়াৰ, যশস্বী সাংবাদিক।
- ১৯৪১ - টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন (চমুকৈ- টি. ভি.ৰামকৃষ্ণন), ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ, বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ বিশিষ্ট অধ্যাপক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডি এ' ই হোমী ভাবাৰ অধ্যাপক।
- ১৯৫৭ - জনী লীভাৰ,বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা।
- ১৯৬১ - মনীষ বহল, বলীউডৰ প্ৰখ্যাত খলনায়ক আৰু চৰিত্ৰভিনেতা।
- ১৯৬৬ - হেলি বেৰী, হলীউডৰ অস্কাৰ বিজয়ী অভিনেত্ৰী।
- ১৯৮১ - ক'ফি কিংষ্ট'ন, ডব্লিউ ডব্লিউ ইৰ মল্লযুজাৰু।
মৃত্যু
সম্পাদনা কৰক- ১০৪০ - ডাংকান-প্ৰথম, স্কটলেণ্ডৰ ৰজা, যুদ্ধত মৃত্য়ু হৈছিল।
- ১৯৫৬ - বাৰ্টোল্ড ব্লেখট, প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ।
- ১৯৫৮ - ফ্ৰেডৰিক জ'লিয়ট কিউৰী, কৃত্ৰিম তেজষ্ক্ৰীয়তাৰ আৱিষ্কাৰক, নোবেল বিজয়ী পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী।
- ১৯৮৮ - এনজ' ফেৰাৰী, ফেৰাৰী গাড়ী কোম্পানীৰ প্ৰতিষ্ঠাপক।
- ২০১১ - শাম্মী কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক আছিল।
- ২০১২ - বিলাসৰাও দেশমুখ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী।
দিৱস
সম্পাদনা কৰক- পাকিস্তানৰ স্বাধীনতা দিৱস।
অনান্য
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৪ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |