ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
চতুৰ্দশ বৰ্ষ | অক্টোবৰ | ২০২৪ | দশম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

যোৱাটো বছৰলৈকে ৱিকিমেনিয়া সম্পৰ্কত মোৰ জ্ঞান শূন্য আছিল। ২০২৪ চনৰ ৱিকিমেনিয়া অনুষ্ঠানৰ জাননী এখন অসমীয়া ৱিকিৰ বেটুপাতত লাগি থকা দেখি বিষয়টোৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে আৰু এনেকৈয়ে "খাইনে সোণা, কানতে পিন্ধা" বুলি চুৰ্চুৰীয়া অনুমান এটা হ'ল।

ৱিকিৰ সৈতে এসাগৰ অভিধা জড়িত হৈ আছে। ইয়াৰে ‘ৱিকিমেনিয়া’ অভিধাটো ‘ৱিকি’ আৰু ‘মেনিয়া’ শব্দদুটাৰ মধুলগনত সৃষ্ট। আজি আঠটা বছৰে অৱশ্যে আমাৰ বহুতৰে বাবে ৱিকি একপ্ৰকাৰৰ মেনিয়া ধৰণৰেই হৈ পৰিছে।

২০২৪ চনৰ এই অনুষ্ঠানটোৰ প্ৰতি কিয় জানো বৰকৈ আগ্ৰহ বাঢ়িল, মোৰ মায়ে কয়- "সেয়া তোৰ কপালতে লিখা আছিল।" অৱশ্যে কপালৰ লিখন সম্পৰ্কত মই মাকৰে পুতেক হ'ব পৰাগৈ নাই। বাৰু, আন কথা বাদ। আৱেদন কৰিলোঁ, মূল কমিটিৰ পৰা নাকচ কৰাৰ মেইল পাই মোৰ ৱিকিমেনিয়াৰ হেঁপাহৰ টোপোলাটো সিমানতে বান্ধিলোঁ। আকৌ সেই মায়ে কোৱাৰ দৰেই কপালতেই আছিলনে কি হ'বলা! CIS-A2Kৰ কৰ্মকৰ্তা পৱনজীৰ এটা ফোনকলে মোৰ আনন্দৰ সীমনা ভেদিলে। এই অনুষ্ঠানটোৰ সহযোগত মোৰ মন-দেহ-আত্মা সদলবলে ইউৰোপ মহাদেশৰ পোলেণ্ডলৈ বুলি জীৱনৰ প্ৰথমখন আন্তৰ্জাতিক বিমানেৰে উৰা মাৰিলে। এই অভিজ্ঞতাৰ উমনিকাল আছিল এই যাত্ৰাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰকে আদিকৰি কাপোৰ আৰু অন্যান্য সামগ্ৰীৰ যোগাৰ কৰাৰ সময়। বিশেষকৈ ভিচাৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতা মোৰ বাবে আছিল অনন্য। এইখিনিতে মোক সহায়ৰ হাত আগবাঢ়োৱা প্ৰতিজনলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

মোৰ কল্পনাৰ পৰিধি ভাঙি বিদেশৰ সেই সকলো আয়োজনেই আছিল একো একোটা চমৎকাৰ! মানুহে কিয় আৰু কেনেকৈ নিজৰ মুখৰ মাতষাৰৰ বাবে সংগ্ৰাম কৰে, কেনেকৈ গৌৰৱৰ একাঁজলি স্ফূলিংগৰে জিলিকি থাকে, কেনেকৈ আত্মপ্ৰত্যয়েৰে দুখোজ দিয়ে সেয়া যেন মই একোটা কাহিনীৰ দৰে চকুৰ সমুখতে দেখিবলৈ পাইছিলোঁ। আমাৰ নিজৰ বুলিবলৈ ইয়াতকৈনো বেলেগ আৰু কি আছে?

১৪৩খন দেশৰ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীৰ প্ৰতিগৰাকীৰ সৈতে কথা পতা আৰু প্ৰায় প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ বাবে মুঠেও সম্ভৱ নাছিল যদিও পাৰ্যমানে এই অচিন ব্যক্তিত্বসমূহেৰে এমোকোৰা হাঁ‌হিৰে পৰিচয় হৈছিলোঁ আৰু ভাললগা বিষয়ৰ আলোচনাসত্ৰসমূহতো অংশগ্ৰহণ কৰি বুজিবলৈ চেষ্টা কৰিছিলোঁ। এই কথাতে অভিভূত হৈ পৰিছিলোঁ যে সমগ্ৰ বিশ্বত ৱিকিৰ বাবে এক আন্দোলন চলি আছে, সকলোৱে নিজৰ দক্ষতাক ৱিকিৰে সাঙুৰি আগবাঢ়িছে। কোলাত ন-মহীয়া কেঁচুৱা লৈ, মুখত ৭৫ বছৰীয়া অভিজ্ঞতাৰ বলিৰেখা লৈ, এডাল লাখুটিকে সাৰথি কৰি দুচকুৰ সিটোপাৰে অমানিশাৰ আন্ধাৰ লৈ, একোখন চলন্ত চকীতে সমস্ত সপি দি সাত সাগৰ তেৰ নদী পাৰ হৈ অহা এই ৱিকিমিডিয়ান সকলক দেখি ভাৱ হ'ল, আমাৰ হে কত অজুহাত! ইমানবোৰ বিভিন্নতাৰ মাজত আমি সকলোৱে সকলোৰে মাজত বিচাৰি পোৱা সমন্বয়ৰ বিষয়টোৱেই আছিল- ‘মাতৃভাষা’। ডিজিটেল ক্ষেত্ৰত নিজৰ ভাষাটোক সু-প্ৰতিষ্ঠিত কৰি গৌৰৱবোধ কৰা। এই যাত্ৰাৰ বিষয়ে মোৰ অভিজ্ঞতা কিছু পৃথককৈ ইতিমধ্যেই ৱিকিব্লগ ‘ডিফ’ত লিখা এটা পোষ্ট প্ৰকাশ পাইছে।

পোলেণ্ডৰ কাটৱিজ চহৰত হোৱা ৱিকিমেনিয়া সন্মিলনখনৰ চাৰিদিনীয়া কাৰ্যসূচীৰ মাজে-মাজে নতুন ঠাই ফুৰা, নতুন খাদ্যৰ সোৱাদ লোৱা আৰু নতুন নতুন মানুহৰ সৈতে কথা-বতৰা হোৱা ইত্যাদিবোৰো চলি থাকিছিল। অৱশ্যে ঘৰৰ ভাতকেইটালৈ বৰকৈ মনত পৰিছিল। পেটৰ ভাত মুঠি, মুখৰ মাতষাৰ কেনেকৈ আমাৰ জীৱনটোৰে সংপৃক্ত হৈ থাকে সেই অনুভৱ পোলেণ্ডত বাৰুকৈয়ে হৈছিল। অৱশ্যে ইণ্ডিক ৱিকি পৰিয়ালৰ সৰহীয়া অংশগ্ৰহণে বিদেশতো ভাৰতভূমিৰে সংযুক্ত কৰি ৰাখিলে। গোটেই যাত্ৰাটোত মোৰ ব্যক্তিগতভাৱে মুঠেই ৮০০০ মান টকা এটাহে খৰচ হ'ল। অন্যান্য সকলোবোৰ খৰচৰ ক্ষেত্ৰত CIS-A2kয়ে কৰা সহযোগত বিদেশলৈ যোৱাৰ এই সময়খিনিৰ স্মৃতি আজীৱন বুকুতে থাকিব। -Nayan j Nath (বাৰ্তা) 09:09, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

দেশীয় ৰাজ্য ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম আৰু ব্ৰিটিছ মুকুটৰ অধীনস্থ আছিল। ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়সকলৰ বাবে স্বৰাজক লক্ষ্য হিচাপে ঘোষণা কৰে আৰু ভাৰতৰ ৰজাসকলক দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ কয়। দেশীয় ৰাজ্যসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছক প্ৰেৰিত কৰাত জৱাহৰলাল নেহৰুৱে মুখ্য ভূমিকা পালন কৰিছিল আৰু ১৯২৯ চনত ঘোষণা কৰিছিল যে "ৰাজ্যসমূহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ থকা লোকসকল, এই ৰাজ্যসমূহৰ বাসিন্দা হ'ব লাগিব।" ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত ১৯৩৭ চনত কংগ্ৰেছে দেশীয় ৰাজ্যসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। সেই বছৰতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যসমূহক জড়িত কৰি ফেডাৰেচন গঠনত গান্ধীয়ে মুখ্য ভূমিকা পালন কৰিছিল। ১৯৪৬ চনত জৱাহৰলাল নেহৰুৱে লক্ষ্য কৰে যে স্বাধীন ভাৰতৰ সেনাৰ বিৰুদ্ধে কোনো দেশীয় ৰাজ্য সামৰিকভাৱে জয়লাভ কৰিব নোৱাৰে।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ৰাণী কি বাৱৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ছেপ্টেম্বৰ-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ১১৩

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. নিকোলাই অষ্টৰভস্কি
  2. জৰ্জ অৰৱেল
  3. গীৰাট জে ভাৰমেইজ
  4. পাৰ্ল এচ বাক
  5. আমিনা আল আদৱান
  6. ছলমান আখতাৰ
  7. হেণ্ড্ৰিক আডামছন
  8. জেমছ ৰুফাছ এজি
  9. নৰ্মান লিৱিছ (বৈয়াকৰণিক)
  10. সৌম্য সৰকাৰ
  11. পিটাৰ মাৰ্ক ৰ'জে
  12. ভাগীৰথী (অভিনেত্ৰী)

গ্ৰন্থ বিষয়ক

  1. ‎নেক্সাছ (গ্ৰন্থ)
  2. ‎ৰ'জেছ থেছৰাছ

চলচ্চিত্ৰ বিষয়ক

  1. দ্য নাইট অৱ দ্য হাণ্টাৰ (চলচ্চিত্ৰ)

অন্যান্য

  1. বিশ্ব চিঠি লিখা দিৱস
  2. ছান ৰাজ্য
  3. আমষ্টাৰডাম
  4. জ্যাজ সংগীত

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. নিতেশ কুমাৰ
  2. মণিষা ৰামাদাস
  3. শাৰদ কুমাৰ
  4. হোকাটো হোটোঝে ছেমা
  5. ধৰ্মবীৰ নৈন
  6. তুলসীমতি মুৰুগেছান
  7. নৱদীপ সিং (খেলুৱৈ)
  8. অজিত সিং যাদৱ
  9. দীপ্তি জীৱনজী
  10. চিমৰন শৰ্মা
  11. লীলা ৰাও দয়াল
  12. কপিল পৰমাৰ
  13. শচীন চাৰ্জেৰাও খিলাৰী
  14. প্ৰণৱ চুৰমা
  15. সীতাৰাম য়েচুৰী
  16. ৰাকেশ কুমাৰ
  17. নিত্যা শিৱন
  18. বিশ্বনাথন আনন্দ
  19. ইৰফান পাঠান
  20. সুবোধ সৰকাৰ
  21. অংশুমান কৰ
  22. অনিল আম্বানী
  23. অৰ্জুন ইৰিগাইচি
  24. বিদিত গুজৰাথী
  25. জ্যোতিৰ্ময়ী শিকদাৰ
  26. তেজস্বী সূৰ্য
  27. কুমুদ মিশ্ৰ
  28. ‎পুনম মহাজন
  29. জাভাগল শ্ৰীনাথ

অন্যান্য

  1. ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
  2. দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)
  3. গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত
  4. ফৰাচী ভাৰত
  5. জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)
  6. ‎ত্ৰিপুৰা (দেশীয় ৰাজ্য)
  7. ভাৰতীয় স্বাধীনতা আইন ১৯৪৭
  8. নাগা সাধু
  9. ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়
  10. ভাৰতীয় জনতা যুৱ মৰ্চা
  11. বান্দ্ৰা

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. কমলা বৰগোহাঁই
  2. শংকৰ জ্যোতি বৰুৱা
  3. প্ৰভাত চন্দ্ৰ বৰুৱা
  4. বিশ্বজিৎ দৈমাৰী
  5. প্ৰদীপ কুমাৰ বৰুৱা
  6. উৎপল শৰ্মা
  7. ৰাকেশ দাস

গ্ৰন্থ বিষয়ক

  1. মেৰেং
  2. মোৰ বাবে মাথোঁ সোণাৰু ফুল

নাট আৰু চলচ্চিত্ৰ বিষয়ক

  1. কেলি গোপাল
  2. হৰিশ্চন্দ্ৰ উপাখ্যান
  3. অজামিল উপাখ্যান
  4. অমৃত মন্থন
  5. চিহ্ন-যাত্ৰা
  6. ‎পত্নীপ্ৰসাদ
  7. অনাদি পাতন

অন্যান্য

  1. ‎ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাক্সা)
  2. লেঙেৰা চাপৰি
  3. ‎শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  4. টাকাম মিচিং পৰিন কেবাং
  5. আহোমৰ মণিপুৰলৈ অভিযান
  6. ‎শালবাৰী মহাবিদ্যালয়
  7. ‎ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (বাক্সা)
  8. শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ
  9. অসমীয়া সম্বন্ধবাচক শব্দবোৰ
  10. শালবাৰী
  11. সৰুপেটা
  12. ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
  13. ‎ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়
  14. আনন্দ বজাৰ (বাক্সা)
  15. আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, অসম
  16. বৰভকতি সত্ৰ
  17. ‎নকছাৰি মহাবিদ্যালয়
  18. বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
  19. শংকৰদেৱ শিশু নিকেতন, নকছাৰি
  20. দৰঙ ৰাজবংশাৱলী
  21. কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় ওৰাং
  22. প্ৰেমিকা

সানমিহলি

  1. চাক্ষুস কবিতা
  2. কেলিগ্ৰাম
  3. ডিজিটেল কবিতা
  4. বিৰুদ্ধ-কবিতা
  5. বড়ো–গাৰো ভাষা
  6. নাৰ্জাৰী
  7. চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত
  8. আও দাই
  9. কেপলাৰৰ চুপাৰন'ভা
  10. ছান ভাষা
  11. যথাৰ্থ অৰ্থবিজ্ঞান
  12. সমষ্টিবাদী অৰ্থনীতি
  13. ছান জনগোষ্ঠী
  14. পখিলা
  15. আলমাবট্ৰিব
  16. জীয়াৰী
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
ভাৰতত পদপথত জিৰণি লৈ থকা এজন গৃহহীন ব্যক্তি।
আলোকচিত্ৰ শিল্পী: বিক্ৰমজিৎ কাকতী
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
প্ৰতিভাবান নবাগত লেখক পদক
ৰাকেশ মোদক
নৰুনা বৰুৱা
দিম্পল দাস
কুমুদ ঘোষ
ক্ৰীড়া প্ৰেমী পদক
অজয় দাস







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩৭২৮ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৬১০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১১৪৪ টালৈ বৃদ্ধি পালে।
  • ২০২৪ বৰ্ষৰ ১৩ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হোৱা চাওঁতালি ৱিকি আঞ্চলিক সমাৰোহত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ প্ৰণামিকা অধিকাৰী আৰু নয়ন জ্যোতি নাথে আংশগ্ৰহণ কৰে।
  • অসমীয়া ৱিকিমিডিয়াৰ পৰিয়ালৰহৈ প্ৰবন্ধক জলি ৰুমী বৰা লগতে সমন্বয়ক দিব্য দত্ত আৰু ঈশান জ্যোতি বৰাৰ পৰিচালনৰে ৱিকিসংযোগ শীৰ্ষক এক মেণ্টৰশ্বিপ কাৰ্যসূচীৰ আৰম্ভ হয়।
  • অসমীয়া ৱিকিউৎসত সদস্য প্ৰণামিকা অধিকাৰীৰ পৰিচালনাত আৰু সদস্য নয়ন জ্যোতি নাথ, দিব্য দত্ত, গীতাৰ্থ বৰদলৈ, প্ৰাণজ্যোতি নাথ আৰু মৃদুল কুমাৰ শৰ্মাৰ সমন্বয়ত 'গ্ৰন্থ যাত্ৰা' শীৰ্ষক এক প্ৰকল্পৰ আৰম্ভ হয়।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ১৭৯ - ১২৪ ৩৮
অংশুমান দত্ত ৩০ - - -
ঈশান জ্যোতি বৰা ৮৫ ২২ - ৩৩
কুমুদ ঘোষ ৫২ - ১২ -
খিলঞ্জীত ২৫৩ - - - -
গীতাৰ্থ বৰদলৈ ৩২ ৩১ - -
গীতাশ্ৰী গগৈ আপ্তে ৪৮ ২১ - ১৪ -
চাণক্য দাস ১৫০ - - ৯ ‌
জ্যোতি চিৰিং - ২১০ - - -
১০ জলি ৰুমী বৰা ৫৭ ৬০ - -
১১ দিব্য দত্ত ২৯২ ৪৪ ১৭ - ২৮
১২ দিম্পল দাস ১৭৪ - - -
১৩ নৰুনা বৰুৱা ৯০ - ১৬ ৪৮ -
১৪ নয়ন জ্যোতি নাথ ২৬১ ১৬ ২৪১ ১৬
১৫ প্ৰণামিকা অধিকাৰী ২৯৫ ৮২ ২৯২ ৩২ ৩৭
১৬ প্ৰাণজ্যোতি নাথ ২৭ ৫০ - -
১৭ বাবুল বৈশ্য ১৪০ ১২ - - ২২
১৮ বিভূতি গগৈ ৩৭ - - -
১৯ ভাস্কৰ ভূঞা ৫৮ ১১৬ - - -
২১ ৰাম কিংকৰ মহন্ত ২৯২ - - -
২২ ৰুমী বৰা ৯২ - - -
২৩ সৌৰভ সাহা ২১৯ - - ১০ ১১
২৪ হিমাশ্ৰী বৰা ২৭১ - - -


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।